শাসকীয় দলেও আন্দোলন কৰিব পাৰে: হিমন্ত বহু ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়তো মহাত্মা গান্ধীয়ে স্বাধীনতাৰ দাবীত আন্দোলন অব্যাহত ৰাখিছিল।
গুৱাহাটী, ৩ নৱেম্বৰ: শাসনত থকা অৱস্থাত BJPয়ে ৰাজপথলৈ ওলাই আন্দোলন কৰাক লৈ একাংশ কংগ্ৰেছীয়ে প্ৰশ্ন উত্থাপন কৰাৰ পিছতে প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ১৯৩৫ চনৰ পিছত দেশৰ বহু ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়তো মহাত্মা গান্ধীয়ে স্বাধীনতাৰ দাবীত আন্দোলন অব্যাহত ৰাখিছিল।
তেওঁৰ মতে, আন্দোলন কেৱল চৰকাৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদতে সীমাবদ্ধ নহয়।
শাসকীয় দল আৰু বিৰোধীৰ আন্দোলনৰ মাজত পাৰ্থক্য ব্যাখ্যা কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে শাসকীয় দলৰ আন্দোলন শৃংখলাবদ্ধ আৰু সজাগতামূলক হোৱা উচিত।
newznow.in