গুৱাহাটী, ৩ নৱেম্বৰ: শাসনত থকা অৱস্থাত BJPয়ে ৰাজপথলৈ ওলাই আন্দোলন কৰাক লৈ একাংশ কংগ্ৰেছীয়ে প্ৰশ্ন উত্থাপন কৰাৰ পিছতে প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শাসকীয় দলে ৰাজপথত আন্দোলন কৰিব নোৱাৰে বুলি কোনো কথা নাই বুলি মন্তব্য কৰি তেওঁ কংগ্ৰেছক ইতিহাস অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ১৯৩৫ চনৰ পিছত দেশৰ বহু ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়তো মহাত্মা গান্ধীয়ে স্বাধীনতাৰ দাবীত আন্দোলন অব্যাহত ৰাখিছিল। অসমত গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী হৈ থকা সময়তো গান্ধীজীৰ আন্দোলন চলি আছিল বুলি তেওঁ উল্লেখ কৰে।

তেওঁৰ মতে, আন্দোলন কেৱল চৰকাৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদতে সীমাবদ্ধ নহয়। দৰিদ্ৰতা, নিৰক্ষৰতা, শিক্ষা, ক্ৰীড়া, সংস্কৃতি আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবেও আন্দোলন হ’ব পাৰে।

শাসকীয় দল আৰু বিৰোধীৰ আন্দোলনৰ মাজত পাৰ্থক্য ব্যাখ্যা কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে শাসকীয় দলৰ আন্দোলন শৃংখলাবদ্ধ আৰু সজাগতামূলক হোৱা উচিত। অনুমতি লৈ, আৰক্ষীৰ নিৰ্দেশনা মানি আৰু শৃংখলাৰ মাজেৰে এনে কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি তেওঁ মন্তব্য কৰে। আনহাতে, বিৰোধীৰ আন্দোলনত কেতিয়াবা ঠেলা-হেঁচা আৰু হুলস্থুল হোৱা বুলিও তেওঁ দাবী কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰৰ উদ্যোগত ক্ৰীড়া, শিক্ষা আৰু সামাজিক সজাগতাৰ ক্ষেত্ৰতো আন্দোলন চলি থাকে। ৭ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া ‘খেল মহাৰণ’কো তেওঁ ক্ৰীড়াৰ আন্দোলন হিচাপে অভিহিত কৰে।

তেওঁৰ মতে, সকলো আন্দোলনেই নেতিবাচক নহয়; সমাজত ইতিবাচক পৰিৱৰ্তন আৰু সজাগতা সৃষ্টিৰ বাবেও আন্দোলনৰ প্ৰয়োজন আছে।