অসম

গুৱাহাটীত পুনৰ চলাচল আৰম্ভ গ্ৰীণ বাছৰ, নথি-পত্ৰৰ বৈধতাক লৈ অব্যাহত প্ৰশ্ন

NewzNow · ২১ নৱেম্বৰ ২০২৬

১ / ৫

দুদিন বন্ধ থকাৰ পিছত গুৱাহাটীত পুনৰ চলিছে প্ৰায় এশখন গ্ৰীণ বাছ।

২ / ৫

গুৱাহাটী: দুদিন ধৰি চলাচল বন্ধ ৰখাৰ পিছত গুৱাহাটীৰ ৰাজপথত শনিবাৰৰ পৰা পুনৰ চলিবলৈ আৰম্ভ কৰিছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এএছটিচি) অধীনত থকা প্ৰায় এশখন গ্ৰীণ বাছ।

৩ / ৫

কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ মিনিবাছ দুৰ্ঘটনাত ২৬ জন লোকৰ মৃত্যু হোৱাৰ পিছতে ৰাজ্যজুৰি নীতি-নিয়ম উলংঘা কৰা বাহনৰ বিৰুদ্ধে চৰকাৰে অভিযান ঘোষণা কৰিছিল।

৪ / ৫

এই অভিযান আৰম্ভ হোৱাৰ পিছতে মহানগৰীত চলি থকা প্ৰায় এশখন গ্ৰীণ বাছ সেৱাৰ পৰা আঁতৰাই ৰখা হয়।

৫ / ৫

এম-পৰিৱহণ প’ৰ্টেলত উপলব্ধ তথ্য অনুসৰি, বাছসমূহৰ কেতবোৰ নথি অসম্পূৰ্ণ অথবা ম্যাদ উকলি যোৱা অৱস্থাত আছিল।

গুৱাহাটীত পুনৰ চলাচল আৰম্ভ গ্ৰীণ বাছৰ, নথি-পত্ৰৰ বৈধতাক লৈ অব্যাহত প্ৰশ্ন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক