গুৱাহাটী: দুদিন ধৰি চলাচল বন্ধ ৰখাৰ পিছত গুৱাহাটীৰ ৰাজপথত শনিবাৰৰ পৰা পুনৰ চলিবলৈ আৰম্ভ কৰিছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এএছটিচি) অধীনত থকা প্ৰায় এশখন গ্ৰীণ বাছ। অৱশ্যে বাছসমূহৰ উপযুক্ত ফিটনেছ চাৰ্টিফিকেট আৰু বীমা নৱীকৰণ কৰা হ’লনে নাই, সেই সন্দৰ্ভত এতিয়াও কোনো স্পষ্ট তথ্য পোহৰলৈ অহা নাই।

কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ মিনিবাছ দুৰ্ঘটনাত ২৬ জন লোকৰ মৃত্যু হোৱাৰ পিছতে ৰাজ্যজুৰি নীতি-নিয়ম উলংঘা কৰা বাহনৰ বিৰুদ্ধে চৰকাৰে অভিযান ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনাটোৰ আঁৰত পৰিবহণ সম্পৰ্কীয় একাধিক নিয়ম উলংঘনৰ কথা উল্লেখ কৰি সমগ্ৰ ৰাজ্যতে কঠোৰ পদক্ষেপ গ্ৰহণৰ কথা জনাইছিল।

এই অভিযান আৰম্ভ হোৱাৰ পিছতে মহানগৰীত চলি থকা প্ৰায় এশখন গ্ৰীণ বাছ সেৱাৰ পৰা আঁতৰাই ৰখা হয়। ২০২৩ চনত ক্ৰয় কৰা এই বাছসমূহৰ নথি-পত্ৰত বিসংগতি থকাৰ অভিযোগ উত্থাপন হৈছিল। বিশেষকৈ বাছসমূহৰ বাধ্যতামূলক ফিটনেছ চাৰ্টিফিকেট আৰু বীমাৰ ম্যাদ উকলি যোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে অধিকাংশ বাছ ৰূপনগৰ ডিপোত ৰখাই থোৱা হৈছিল।

এম-পৰিৱহণ প’ৰ্টেলত উপলব্ধ তথ্য অনুসৰি, বাছসমূহৰ কেতবোৰ নথি অসম্পূৰ্ণ অথবা ম্যাদ উকলি যোৱা অৱস্থাত আছিল। কিছুমান নথিৰ ক্ষেত্ৰত এবছৰতকৈ অধিক আৰু আন কিছুমানৰ ক্ষেত্ৰত ১০ বছৰতকৈও অধিক সময়ৰ বিসংগতিৰ তথ্য পোৱা গৈছিল। ২০২৩ চনৰ ১৬ ডিচেম্বৰত পঞ্জীয়ন কৰা এই বাছসমূহৰ ফিটনেছ চাৰ্টিফিকেটৰ ম্যাদ ২০২৫ চনৰ ১৫ ডিচেম্বৰত আৰু বীমাৰ ম্যাদ ২০২৬ চনৰ ২১ মাৰ্চত শেষ হৈছিল বুলি তথ্যত উল্লেখ আছে।

আনহাতে, বাছৰ চালকসকলকো এই নথি-পত্ৰৰ বিসংগতি সম্পৰ্কে কোনো কথা জনোৱা হোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছে। এগৰাকী চালকে জনোৱা মতে, তেওঁলোকে বাহনসমূহৰ নথি-পত্ৰ পোৱা নাছিল আৰু সেইবোৰৰ ম্যাদ শেষ হোৱাৰ সন্দৰ্ভতো কোনো তথ্য তেওঁলোকৰ হাতত নাছিল।

শনিবাৰৰ পৰা বাছসমূহ পুনৰ গুৱাহাটীৰ বিভিন্ন পথত যাতায়াতৰ বাবে নমাই দিয়া হৈছে যদিও সেৱা পুনৰ আৰম্ভ কৰাৰ পূৰ্বে নথি-পত্ৰসমূহ নৱীকৰণ কৰা হৈছিল নে নাই, সেই লৈ বিভাগীয়ভাৱে কোনো কথা স্পষ্ট কৰা হোৱা নাই। ফলত পৰিবহণ বিভাগৰ নিয়ম উলংঘা বিৰোধী অভিযানৰ কাৰ্যকাৰিতাক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে।