উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পৰিৱৰ্তে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিক ভুলবশতঃ গাৰ্ড অৱ অনাৰ জনালে আৰক্ষীয়ে।
উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত আৰক্ষীৰ এক বৃহৎ প্ৰট'কলজনিত ভুলক লৈ তীব্ৰ চৰ্চাৰ সৃষ্টি হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, ছাহাৰানপুৰৰ চাৰ্কিট হাউছত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশক চৰকাৰীভাৱে অভ্যৰ্থনা জনোৱাৰ বাবে আৰক্ষীৰ এটা দল সাজু কৰি ৰখা হৈছিল।
ওৱেইছীৰ কনভয় আৰু নিৰাপত্তাৰক্ষীৰ দলটোক নিৰ্ধাৰিত বিশিষ্ট অতিথিৰ কনভয় বুলি ভুল কৰি আৰক্ষীয়ে সাংসদগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে।
এই সন্দৰ্ভত সাংসদ ওৱেইছীয়ে কয় যে তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰাৰ কথা পূৰ্বতে জনোৱা হোৱা নাছিল।
newznow.in