উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত আৰক্ষীৰ এক বৃহৎ প্ৰট'কলজনিত ভুলক লৈ তীব্ৰ চৰ্চাৰ সৃষ্টি হৈছে। উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ বাবে নিৰ্ধাৰিত আনুষ্ঠানিক অভিবাদন অৰ্থাৎ গাৰ্ড অৱ অনাৰ ভুলবশতঃ প্ৰদান কৰা হ'ল এআইএমআইএমৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ওৱেইছিক। শনিবাৰে সংঘটিত এই ঘটনাৰ পিছতে প্ৰশাসনে তদন্তৰ নিৰ্দেশ দিছে।

প্ৰাপ্ত তথ্য অনুসৰি, ছাহাৰানপুৰৰ চাৰ্কিট হাউছত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশক চৰকাৰীভাৱে অভ্যৰ্থনা জনোৱাৰ বাবে আৰক্ষীৰ এটা দল সাজু কৰি ৰখা হৈছিল। কিন্তু ন্যায়াধীশগৰাকী উপস্থিত হোৱাৰ পূৰ্বেই পুৱা প্ৰায় ১১:৩০ বজাত নিজৰ কনভয় লৈ চাৰ্কিট হাউছত উপস্থিত হয় সাংসদ আছাদুদ্দিন ওৱেইছী।

ওৱেইছীৰ কনভয় আৰু নিৰাপত্তাৰক্ষীৰ দলটোক নিৰ্ধাৰিত বিশিষ্ট অতিথিৰ কনভয় বুলি ভুল কৰি আৰক্ষীয়ে সাংসদগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে। আৰক্ষীৰ দলটোৱে অভিবাদন জনোৱাৰ সময়ত ওৱেইছীয়েও বাহনৰ পৰা নামি নিৰ্ধাৰিত স্থানত থিয় হৈ সেই অভিবাদন গ্ৰহণ কৰে। পিছত ঘটনাটোৰ ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে প্ৰশাসনৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।

এই সন্দৰ্ভত সাংসদ ওৱেইছীয়ে কয় যে তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰাৰ কথা পূৰ্বতে জনোৱা হোৱা নাছিল। আৰক্ষীয়ে তেওঁক থিয় হ'বলৈ কোৱাৰ বাবেই তেওঁ তাত থিয় হৈছিল বুলিও তেওঁ মন্তব্য কৰে।

ছাহাৰানপুৰৰ আৰক্ষী অধীক্ষক ব্যোম বিন্দলে এই সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে সমগ্ৰ ঘটনাটো এটা অনিচ্ছাকৃত ভুল আছিল। এনে প্ৰট'কলজনিত বিসংগতি কেনেকৈ সংঘটিত হ'ল, সেই বিষয়ে নিশ্চিত হ'বলৈ বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে আজাদ সমাজ পাৰ্টিৰ প্ৰতিষ্ঠাপক তথা নাগিনা সমষ্টিৰ সাংসদ চন্দ্ৰশেখৰ আজাদক সাক্ষাৎ কৰিবলৈ ওৱেইছী ছাহাৰানপুৰলৈ গৈছিল। উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দুয়োগৰাকী নেতাই 'সামাজিক পৰিৱৰ্তন মৰ্চা'ৰ সৈতে জড়িত এক ৰাজনৈতিক কাৰ্যসূচীতো অংশ লয়। এগৰাকী ন্যায়াধীশৰ বাবে থকা আনুষ্ঠানিক অভিবাদনত এনে ভুল হোৱাক লৈ আৰক্ষীৰ সমন্বয়হীনতাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।