নেপালত দুখন হেলিকপ্টাৰৰ সংঘৰ্ষত এজন ভাৰতীয়ৰ মৃত্যু, আহত ভাৰতীয় মূলৰ নিউজিলেণ্ডৰ নাগৰিক।
গুৱাহাটী, ৩ নৱেম্বৰ: নেপালৰ ছোলুখুম্বু জিলাত অৱতৰণৰ সময়ত দুখন হেলিকপ্টাৰৰ মাজত সংঘৰ্ষৰ ফলত এগৰাকী ৪৭ বছৰীয়া ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে।
মঙলবাৰে পুৱা কাঠমাণ্ডুৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত্বত থকা ফেৰিচে হেলিপেডত অৱতৰণৰ চেষ্টা চলোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।
নিহত ব্যক্তিগৰাকীৰ নাম বসন্ত কুমাৰ বালাৰা মাডু (৪৭)।
নেপালৰ Civil Aviation Authorityৰ মতে, অৱতৰণৰ বাবে আগবঢ়াৰ সময়ত হেলিকপ্টাৰ দুখনৰ ৰ’টৰ ব্লেড পৰস্পৰৰ সংস্পৰ্শলৈ আহে।
newznow.in