মহাৰাষ্ট্ৰৰ পুনে চহৰত অবৈধ বেদখল আৰু অননুমোদিত নিৰ্মাণৰ বিৰুদ্ধে পুনে পৌৰ নিগমে চলোৱা উচ্ছেদ অভিযান একেৰাহে চতুৰ্থ দিনাও অব্যাহত আছে।
পুনে: মহাৰাষ্ট্ৰৰ পুনে চহৰত পুনে পৌৰ নিগমে অবৈধ বেদখলৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযান একেৰাহে চতুৰ্থ দিনাও অব্যাহত আছে।
পৌৰ নিগমৰ সহকাৰী আয়ুক্ত প্ৰজ্ঞা পোতদাৰে জনায় যে পৌৰ নিগম এলেকাৰ অন্তৰ্গত পথৰ কাষত আৰু সন্মুখৰ অংশত গঢ়ি তোলা সকলোধৰণৰ অননুমোদিত নিৰ্মাণ আৰু বেদখল আঁতৰাবলৈ পৌৰ আয়ুক্তই নিৰ্দেশ দিছে।
তেওঁ উল্লেখ কৰে যে এই বেদখলসমূহে সাধাৰণ নাগৰিকৰ চলাচলত বাধাৰ সৃষ্টি কৰাৰ লগতে চহৰখনৰ সৌন্দৰ্যবৰ্ধনতো হেঙাৰ পেলাইছে।
পৌৰ নিগমে জনোৱা মতে চহৰখন যান-জঁটমুক্ত কৰা আৰু সাধাৰণ পথচাৰীৰ সুবিধাৰ্থে এই অভিযান আগলৈও অব্যাহত থাকিব।
newznow.in