পুনে: মহাৰাষ্ট্ৰৰ পুনে চহৰত পুনে পৌৰ নিগমে অবৈধ বেদখলৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযান একেৰাহে চতুৰ্থ দিনাও অব্যাহত আছে। চহৰখনৰ পথ আৰু কাষৰীয়া স্থানসমূহত গঢ় লৈ উঠা অবৈধ নিৰ্মাণসমূহ উচ্ছেদ কৰাৰ বাবে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে।
পৌৰ নিগমৰ সহকাৰী আয়ুক্ত প্ৰজ্ঞা পোতদাৰে জনায় যে পৌৰ নিগম এলেকাৰ অন্তৰ্গত পথৰ কাষত আৰু সন্মুখৰ অংশত গঢ়ি তোলা সকলোধৰণৰ অননুমোদিত নিৰ্মাণ আৰু বেদখল আঁতৰাবলৈ পৌৰ আয়ুক্তই নিৰ্দেশ দিছে।
তেওঁ উল্লেখ কৰে যে এই বেদখলসমূহে সাধাৰণ নাগৰিকৰ চলাচলত বাধাৰ সৃষ্টি কৰাৰ লগতে চহৰখনৰ সৌন্দৰ্যবৰ্ধনতো হেঙাৰ পেলাইছে।
"সাধাৰণ জনতাৰ বাবে বাধাৰ সৃষ্টি কৰা, যান-জঁট বৃদ্ধি কৰা আৰু চহৰখনৰ সৌন্দৰ্য বিনষ্ট কৰা সকলো অবৈধ বেদখল আঁতৰাবলৈ আমি বৰ্তমান ব্যৱস্থা গ্ৰহণ কৰিছোঁ," বুলি সহকাৰী আয়ুক্তগৰাকীয়ে কয়।
পৌৰ নিগমে জনোৱা মতে চহৰখন যান-জঁটমুক্ত কৰা আৰু সাধাৰণ পথচাৰীৰ সুবিধাৰ্থে এই অভিযান আগলৈও অব্যাহত থাকিব।