ভাৰতত অনুষ্ঠিত এছচিঅ’ৰ অনুষ্ঠানত পাকিস্তানী মন্ত্ৰীক আমন্ত্ৰণ জনাই আপ্যায়ন কৰাক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিলে কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাটেই।
নতুন দিল্লী: ভাৰতত অনুষ্ঠিত ছাংহাই ক’অপাৰেচন অৰ্গেনাইজেশ্বন চমুকৈ এছচিঅ’ৰ ‘চিভিলাইজেচনেল ডায়লগ’ শীৰ্ষক অনুষ্ঠানত পাকিস্তানৰ এগৰাকী মন্ত্ৰীক আমন্ত্ৰণ জনোৱাক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ…
কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অভিযোগ কৰি কয় যে পাকিস্তানী মন্ত্ৰীগৰাকীক ভাৰতত বিৰিয়ানী, কাবাব আৰু পায়সেৰে আপ্যায়ন কৰা হৈছে।
উক্ত পাকিস্তানী মন্ত্ৰীগৰাকীয়ে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ভাবুকিপূৰ্ণ মন্তব্য কৰিছিল বুলি সোঁৱৰাই দি এনে আপ্যায়নৰ যুক্তিযুক্ততাক লৈ সুপ্ৰিয়া শ্ৰীনাটেই প্ৰশ্ন উত্থাপন কৰে।
পহলগাম, কুলগাম আৰু কিষ্টৱাৰত শেহতীয়াকৈ সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰসংগ টানি আনি তেওঁ চৰকাৰৰ স্থিতিক লৈ অসন্তুষ্টি ব্যক্ত কৰে।
newznow.in