নতুন দিল্লী: ভাৰতত অনুষ্ঠিত ছাংহাই ক’অপাৰেচন অৰ্গেনাইজেশ্বন চমুকৈ এছচিঅ’ৰ ‘চিভিলাইজেচনেল ডায়লগ’ শীৰ্ষক অনুষ্ঠানত পাকিস্তানৰ এগৰাকী মন্ত্ৰীক আমন্ত্ৰণ জনোৱাক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাটেই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে।
কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অভিযোগ কৰি কয় যে পাকিস্তানী মন্ত্ৰীগৰাকীক ভাৰতত বিৰিয়ানী, কাবাব আৰু পায়সেৰে আপ্যায়ন কৰা হৈছে। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীক বজাৰ কৰিবলৈ লৈ যোৱাৰ লগতে তাজমহলো দেখুওৱা হৈছে বুলি তেওঁ উল্লেখ কৰে।
উক্ত পাকিস্তানী মন্ত্ৰীগৰাকীয়ে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ভাবুকিপূৰ্ণ মন্তব্য কৰিছিল বুলি সোঁৱৰাই দি এনে আপ্যায়নৰ যুক্তিযুক্ততাক লৈ সুপ্ৰিয়া শ্ৰীনাটেই প্ৰশ্ন উত্থাপন কৰে।
পহলগাম, কুলগাম আৰু কিষ্টৱাৰত শেহতীয়াকৈ সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰসংগ টানি আনি তেওঁ চৰকাৰৰ স্থিতিক লৈ অসন্তুষ্টি ব্যক্ত কৰে। পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন দিয়া বন্ধ নকৰালৈকে দেশখনৰ সৈতে কোনো ধৰণৰ আলোচনা হ’ব নালাগে বুলি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে।
এই বিষয়ত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ স্থিতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে পাকিস্তানৰ সৈতে যিকোনো আলোচনাৰ পূৰ্বে সন্ত্ৰাসবাদৰ প্ৰশ্নত স্পষ্ট স্থিতি গ্ৰহণ কৰিব লাগিব।
ভাৰতত অনুষ্ঠিত এছচিঅ’ৰ এই অনুষ্ঠানত পাকিস্তানৰ মন্ত্ৰীৰ অংশগ্ৰহণক লৈ এতিয়া ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা তথা বিতৰ্কৰ সৃষ্টি হৈছে।