কৰ্ণাটক বিধান পৰিষদৰ চাৰিখন শিক্ষক আৰু স্নাতক সমষ্টিত বিজেপি-জেডি(এছ) মিত্ৰজোঁটে জয়ী হৈছে।
বেংগালুৰু, ২৮ অক্টোবৰ: কৰ্ণাটকৰ বিধান পৰিষদৰ শিক্ষক আৰু স্নাতক সমষ্টিৰ চাৰিখন আসনৰ নিৰ্বাচনত আটাইকেইখন আসনতে জয়লাভ কৰিছে বিজেপি আৰু জনতা দল (ছেকুলাৰ)ৰ মিত্ৰজোঁট NDAই।
চাৰিখন আসনৰ ভিতৰত বিজেপিয়ে তিনিখন আৰু মিত্ৰদল JD(S)এ এখন আসন লাভ কৰে।
উত্তৰ-পূব শিক্ষক সমষ্টিত বিজেপিৰ প্ৰাৰ্থী শশীল জি নেমোশীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী শৰণাপ্পা মাট্টুৰক পৰাস্ত কৰে।
এই ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা JD(S)ৰ নেতা এইচ ডি কুমাৰস্বামীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক কামৰ প্ৰশংসা কৰে।
newznow.in