বেংগালুৰু, ২৮ অক্টোবৰ: কৰ্ণাটকৰ বিধান পৰিষদৰ শিক্ষক আৰু স্নাতক সমষ্টিৰ চাৰিখন আসনৰ নিৰ্বাচনত আটাইকেইখন আসনতে জয়লাভ কৰিছে বিজেপি আৰু জনতা দল (ছেকুলাৰ)ৰ মিত্ৰজোঁট NDAই। ইয়াৰ বিপৰীতে শাসকীয় কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। ২৩ অক্টোবৰত অনুষ্ঠিত নিৰ্বাচনৰ ফলাফল ২৮ অক্টোবৰত প্ৰকাশ পায়।
চাৰিখন আসনৰ ভিতৰত বিজেপিয়ে তিনিখন আৰু মিত্ৰদল JD(S)এ এখন আসন লাভ কৰে। বেংগালুৰু শিক্ষক সমষ্টিত JD(S)ৰ প্ৰাৰ্থী এ পি ৰংগনাথে কংগ্ৰেছৰ বৰ্তমানৰ বিধান পৰিষদৰ সদস্য পুট্টান্নাক ৯০৮টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ৰংগনাথে ১০,৮১০টা ভোট লাভ কৰাৰ বিপৰীতে পুট্টান্নাই লাভ কৰে ৯,৯০২টা ভোট।
উত্তৰ-পূব শিক্ষক সমষ্টিত বিজেপিৰ প্ৰাৰ্থী শশীল জি নেমোশীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী শৰণাপ্পা মাট্টুৰক পৰাস্ত কৰে। পশ্চিম স্নাতক সমষ্টিত বিজেপিৰ এছ ভি ছংকানুৰে আৰু দক্ষিণ-পূব স্নাতক সমষ্টিত কে এম সুৰেশে জয়লাভ কৰে।
এই ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা JD(S)ৰ নেতা এইচ ডি কুমাৰস্বামীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক কামৰ প্ৰশংসা কৰে। মিত্ৰজোঁটৰ কৰ্মী আৰু সমৰ্থকৰ সহযোগিতাকো তেওঁ জয়ৰ অন্যতম কাৰণ হিচাপে উল্লেখ কৰে।
উল্লেখযোগ্য যে কৰ্ণাটক বিধান পৰিষদৰ এই নিৰ্বাচনত শিক্ষক আৰু স্নাতক সমষ্টিৰ ভোটাৰসকলে ভোটদান কৰিছিল। চাৰিওখন আসনত জয়লাভ কৰিলেও এই ফলাফলে বিধান পৰিষদৰ সামগ্ৰিক শক্তিৰ সমীকৰণ সলনি কৰা নাই। ৭৫খন আসনবিশিষ্ট বিধান পৰিষদত কংগ্ৰেছৰ ৩৮জন সদস্য আছে।