মাৰ্ঘেৰিটাত বানপীড়িত পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ নামত অনিয়মৰ অভিযোগ।
মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বানপীড়িত পৰিয়ালক ক্ষতিপূৰণ বিতৰণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত ডিবং ফাকিয়াল (ৰাদ্দুবা) গাঁৱৰ বাসিন্দা নন্দেশ্বৰ দাসৰ পৰিয়ালটো ২০২৪ চনৰ ভয়াৱহ বানত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল।
পৰিয়ালটোৰ অভিযোগ অনুসৰি, তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিভাগীয় বিষয়াই তেওঁলোকৰ ঘৰলৈ আহি ফটো তোলাৰ সময়ত ১.২০ লাখ টকাৰ এখন চেক হাতত তুলি দিছিল।
কেৱল নন্দেশ্বৰ দাসৰ পৰিয়ালেই নহয়, অঞ্চলটোৰ আন কেইবাটাও বানপীড়িত পৰিয়ালেও সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে।
newznow.in