মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বানপীড়িত পৰিয়ালক ক্ষতিপূৰণ বিতৰণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ২০২৪ চনৰ বানত সৰ্বস্বান্ত হোৱা নন্দেশ্বৰ দাস নামৰ এজন ব্যক্তিৰ পৰিয়ালে চৰকাৰী তালিকাত হিতাধিকাৰী হিচাপে নাম থকাৰ পাছতো আজিলৈকে কোনো আৰ্থিক সাহায্য লাভ নকৰাৰ গুৰুতৰ অভিযোগ তুলিছে।
মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত ডিবং ফাকিয়াল (ৰাদ্দুবা) গাঁৱৰ বাসিন্দা নন্দেশ্বৰ দাসৰ পৰিয়ালটো ২০২৪ চনৰ ভয়াৱহ বানত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। কিন্তু প্ৰায় ডেৰ বছৰ উকলি যোৱাৰ পাছতো পৰিয়ালটোৱে কোনো ক্ষতিপূৰণ নাপালে বুলি ক্ষোভ প্ৰকাশ কৰে।
পৰিয়ালটোৰ অভিযোগ অনুসৰি, তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিভাগীয় বিষয়াই তেওঁলোকৰ ঘৰলৈ আহি ফটো তোলাৰ সময়ত ১.২০ লাখ টকাৰ এখন চেক হাতত তুলি দিছিল। লগতে চৰকাৰী হিতাধিকাৰীৰ তালিকাত পৰিয়ালটোৰ নাম অন্তৰ্ভুক্ত হোৱা বুলিও অৱগত কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত সেই ধন আজিলৈকে তেওঁলোকৰ বেংক একাউণ্টত জমা নহ’ল।
কেৱল নন্দেশ্বৰ দাসৰ পৰিয়ালেই নহয়, অঞ্চলটোৰ আন কেইবাটাও বানপীড়িত পৰিয়ালেও সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। এইসকল লোকৰ ভিতৰত মায়া দাস, খলিলুৰ ৰহমান, আব্দুল কালাম আৰু ধন দাস অন্যতম।
শাৰীৰিকভাৱে অসুস্থ নন্দেশ্বৰ দাস আৰু তেওঁৰ পৰিয়ালে চৰকাৰী সাহায্য লাভৰ আশাত বিভিন্ন চৰকাৰী কাৰ্যালয়ত বাৰে বাৰে যোগাযোগ কৰিও কোনো সুফল নাপালে বুলি জানিবলৈ দিয়ে।
দীৰ্ঘদিন অপেক্ষা কৰি ভাগৰি পৰা পৰিয়ালটোৱে এই বিষয়ত এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে। ক্ষতিপূৰণ বিতৰণৰ নামত হোৱা অনিয়মৰ উচিত তদন্ত কৰি দোষী বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু শীঘ্ৰে প্ৰাপ্য সাহায্য মোকলাই দিবলৈ তেওঁলোকে দাবী জনায়।