গুৱাহাটীৰ খানাপাৰাত জুবিন গাৰ্গৰ স্মৃতি আৰু ন্যায়ৰ দাবীত আয়োজিত ‘জুবিন দাৰ বাবে এদিন’ কাৰ্যসূচীত আশানুৰূপ জনসমাগম দেখা নগ’ল।
নিজম পৰিল নেকি জুবিন অনুৰাগী?
প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতি আৰু ন্যায়ৰ দাবীক লৈ কণ্ঠশিল্পী মানস ৰবীনে কৰা আহ্বানৰ পাছতো গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত ‘জুবিন দাৰ বাবে এদিন’ কাৰ্যসূচীত আশানুৰূপ জনসমাগম দেখা নগ’ল।
প্ৰয়াত শিল্পীগৰাকীৰ স্মৃতি, আদৰ্শ আৰু সাংস্কৃতিক অৱদানক জীয়াই ৰখাৰ লগতে তেওঁৰ ন্যায়ৰ দাবী সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল।
উল্লেখ্য যে যোৱা ১২ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এই অনুষ্ঠানৰ কথা ঘোষণা কৰিছিল শিল্পী মানস ৰবীনে।
newznow.in