গুৱাহাটী, ২২ নৱেম্বৰ:
নিজম পৰিল নেকি জুবিন অনুৰাগী? মানস ৰবীনৰ আহ্বানৰ প্ৰতি আশানুৰূপ সঁহাৰি নাপালে অনুষ্ঠানটোৱে ।জুবিন গাৰ্গৰ স্মৃতি আৰু ন্যায়ৰ দাবীক লৈ কণ্ঠশিল্পী মানস ৰবীনে কৰা আহ্বানৰ পাছতো খানাপাৰাত অনুষ্ঠিত ‘জুবিন দাৰ বাবে এদিন’ কাৰ্যসূচীত দেখা নগ’ল আশানুৰূপ জনসমাগম।
প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতি আৰু ন্যায়ৰ দাবীক লৈ কণ্ঠশিল্পী মানস ৰবীনে কৰা আহ্বানৰ পাছতো গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত ‘জুবিন দাৰ বাবে এদিন’ কাৰ্যসূচীত আশানুৰূপ জনসমাগম দেখা নগ’ল। ২২ নৱেম্বৰত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত দিনৰ ১ বজাৰ পৰা ৪ বজালৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। কিন্তু অনুষ্ঠান আৰম্ভণিৰ সময়ত খেলপথাৰখনত উপস্থিত লোকৰ সংখ্যা আছিল একেবাৰে নগণ্য।
প্ৰয়াত শিল্পীগৰাকীৰ স্মৃতি, আদৰ্শ আৰু সাংস্কৃতিক অৱদানক জীয়াই ৰখাৰ লগতে তেওঁৰ ন্যায়ৰ দাবী সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। মানস ৰবীনে পূৰ্বতেই স্পষ্ট কৰি দিছিল যে এয়া কোনো প্ৰতিবাদী কাৰ্যসূচী বা ৰাজনৈতিক বিক্ষোভ নহয়, বৰঞ্চ জুবিন গাৰ্গৰ বাবে এক সামূহিক উদ্যোগৰ পৰিকল্পনাহে।
উল্লেখ্য যে যোৱা ১২ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এই অনুষ্ঠানৰ কথা ঘোষণা কৰিছিল শিল্পী মানস ৰবীনে। জুবিন গাৰ্গৰ ন্যায় বিচাৰি শেহতীয়াকৈ অনুষ্ঠিত বিভিন্ন কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কমি অহাক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো অনুৰাগীক খানাপাৰাত সমবেত হ’বলৈ আহ্বান জনাইছিল। তেওঁ কৈছিল, "জুবিনদা সৰু হোৱাটো মই নিবিচাৰো।"
শেহতীয়া বিতৰ্কৰ প্ৰভাৱ পৰাৰ সন্দেহ
নৱেম্বৰৰ আৰম্ভণিতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত আৰু সাক্ষ্যদানক লৈ মানস ৰবীনৰ নাম চৰ্চালৈ আহিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যৰ পাছতে মানস ৰবীনে আদালতত জুবিন গাৰ্গৰ বিৰুদ্ধে ভাষ্য দিয়া বুলি চৰ্চা চলিছিল।
অৱশ্যে ৬ আৰু ৭ নৱেম্বৰত এই অভিযোগ সম্পূৰ্ণৰূপে খণ্ডন কৰিছিল মানস ৰবীনে। তেওঁ স্পষ্ট কৰি দিছিল যে তদন্তৰ অংশ হিচাপে তেওঁ কেৱল এছআইটিৰ (বিশেষ তদন্তকাৰী দল) ওচৰতহে নিজৰ ভাষ্য ৰেকৰ্ড কৰিছিল। তেওঁ আদালতত হাজিৰ হোৱা নাই আৰু আদালতৰ পৰাও কোনো চমন লাভ কৰা নাই। আদালতত হাজিৰ নোহোৱাৰ বাবে এছআইটি আৰু আদালতত বেলেগ ভাষ্য দিয়াৰ প্ৰশ্নই নুঠে বুলি উল্লেখ কৰি তেওঁ নিজকে কোনো কাৰণতে ‘দুমুখীয়া শিল্পী’ নহয় বুলি মন্তব্য কৰে আৰু এনে অপপ্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ ৰাইজক আহ্বান জনায়।
মানস ৰবীনক লৈ সৃষ্টি হোৱা এই বিতৰ্ক আৰু অনুৰাগীৰ মাজত দেখা দিয়া বিভ্ৰান্তিৰ বাবেই কাৰ্যসূচীটোত আশানুৰূপ সমাগম নহ’ল নেকি তাক লৈ চৰ্চা অব্যাহত আছে যদিও প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।