উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত নিশা নিৰ্মাণৰত পাঁচ মহলীয়া অট্টালিকাৰ পৰা পিছলি পৰি লাল মিঞা নামৰ এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়।
উত্তৰ গুৱাহাটী: উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত নিশা এক শিহৰণকাৰী ঘটনা সংঘটিত হয়।
আহত শ্ৰমিকজনক লাল মিঞা বুলি চিনাক্ত কৰা হৈছে।
স্থানীয় ৰাইজে অভিযোগ কৰা মতে, মহাবিদ্যালয়খনৰ উক্ত নিৰ্মাণৰত অট্টালিকাত শ্ৰমিকসকলে অতি অসুৰক্ষিতভাৱে কাম কৰি আছিল।
আনহাতে, মহাবিদ্যালয়খনৰ কৰ্মচাৰীয়ে শ্ৰম আইন উলংঘা কৰি অট্টালিকাটোৰ নিৰ্মাণৰ ঠিকা লৈছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
newznow.in