উত্তৰ গুৱাহাটী: উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত নিশা এক শিহৰণকাৰী ঘটনা সংঘটিত হয়। মহাবিদ্যালয়খনৰ এটা নিৰ্মাণৰত পাঁচ মহলীয়া অট্টালিকাৰ পৰা তললৈ সৰি পৰি এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়।

আহত শ্ৰমিকজনক লাল মিঞা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, নিশাৰ এন্ধাৰত অট্টালিকাটোত কাম কৰি থকাৰ সময়তে তেওঁ পিছলি তলত পৰে। লগে লগে তেওঁক সংকটজনক অৱস্থাত উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ চিকিৎসালয়খনতে চিকিৎসাধীন হৈ আছে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে, মহাবিদ্যালয়খনৰ উক্ত নিৰ্মাণৰত অট্টালিকাত শ্ৰমিকসকলে অতি অসুৰক্ষিতভাৱে কাম কৰি আছিল। কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা নোহোৱাকৈয়ে নিশাৰ এন্ধাৰতো শ্ৰমিকসকলৰ দ্বাৰা কাম কৰোৱা হৈছিল।

আনহাতে, মহাবিদ্যালয়খনৰ কৰ্মচাৰীয়ে শ্ৰম আইন উলংঘা কৰি অট্টালিকাটোৰ নিৰ্মাণৰ ঠিকা লৈছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।