বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ৰামৰাও ৱাডকুটেৰ ৭২ বছৰ বয়সত দেহাৱসান ঘটিছে।
নতুন দিল্লী: বিজেপিৰ ৰাজ্যসভাৰ সাংসদ তথা মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ ৰাজনীতিক ৰামৰাও সখাৰাম ৱাডকুটেৰ ৭২ বছৰ বয়সত দেহাৱসান ঘটিছে।
পৰিয়ালৰ সূত্ৰই জনোৱা মতে, কাহৰ সমস্যাৰ বাবে যোৱা ২০ নৱেম্বৰত তেওঁক এইমছত ভৰ্তি কৰোৱা হৈছিল।
মহাৰাষ্ট্ৰৰ পাৰভানী জিলাৰ বাসিন্দা ৱাডকুটে চলিত বৰ্ষৰ এপ্ৰিল মাহত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।
নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
newznow.in