নতুন দিল্লী: বিজেপিৰ ৰাজ্যসভাৰ সাংসদ তথা মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ ৰাজনীতিক ৰামৰাও সখাৰাম ৱাডকুটেৰ ৭২ বছৰ বয়সত দেহাৱসান ঘটিছে। শনিবাৰে নিশা নতুন দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
পৰিয়ালৰ সূত্ৰই জনোৱা মতে, কাহৰ সমস্যাৰ বাবে যোৱা ২০ নৱেম্বৰত তেওঁক এইমছত ভৰ্তি কৰোৱা হৈছিল। শনিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত নিশা প্ৰায় ১১:৪৫ বজাত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
মহাৰাষ্ট্ৰৰ পাৰভানী জিলাৰ বাসিন্দা ৱাডকুটে চলিত বৰ্ষৰ এপ্ৰিল মাহত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে ২০১৪ চনৰ জুনৰ পৰা ২০১৯ চনৰ অক্টোবৰলৈ তেওঁ মহাৰাষ্ট্ৰ বিধান পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিজেপিৰ হিংগোলী জিলাৰ সংগঠনতো কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ লগতে তেওঁ ধনগৰ সম্প্ৰদায়ৰ কল্যাণৰ বাবে কাম কৰিছিল।
নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান আৰু দৰিদ্ৰ তথা বঞ্চিত লোকসকলৰ সেৱাৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতা স্মৰণীয় হৈ থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। মহাৰাষ্ট্ৰত বিজেপিৰ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰতো তেওঁৰ অৱদানৰ কথা মোদীয়ে স্মৰণ কৰে।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে শোক প্ৰকাশ কৰি ৱাডকুটেক এগৰাকী সৰল আৰু নিষ্ঠাৱান ৰাজনৈতিক ব্যক্তিত্ব হিচাপে অভিহিত কৰে। উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণন, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰৱেকাৰেও নেতাগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰে।
এনচিপি (এছপি)-ৰ নেত্ৰী সুপ্ৰিয়া সুলে আৰু বিধায়ক ৰোহিত পাৱাৰেও ৱাডকুটেৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাধাৰণ লোকৰ সমস্যা উত্থাপন কৰা আৰু ধনগৰ সম্প্ৰদায়ৰ বাবে কাম কৰাৰ ক্ষেত্ৰত থকা তেওঁৰ ভূমিকাৰ কথা নেতাসকলে স্মৰণ কৰে।
পৰিয়ালৰ সূত্ৰই জনোৱা মতে, সোমবাৰে পাৰভানীত শেষ শ্ৰদ্ধা জনোৱাৰ বাবে তেওঁৰ নশ্বৰদেহ ৰখা হ'ব। ইয়াৰ পিছত হিংগোলীলৈ নি মঙলবাৰে নেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব।