দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ।
নতুন দিল্লী, ২২ নৱেম্বৰ: দুদিনীয়া কাৰ্যসূচীৰে দেওবাৰে ভাৰতত উপস্থিত হয় নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ।
চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা ৩৬ বছৰীয়া বালেন্দ্ৰ শ্বাহৰ এয়া প্ৰথম দ্বিপাক্ষিক বিদেশ ভ্ৰমণ।
নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে অহা ৩৪জনীয়া প্ৰতিনিধি দলটোত বিত্তমন্ত্ৰী স্বৰ্ণিম ৱাগলে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শিশিৰ খানাল আৰু মুখ্য উপদেষ্টা কুমাৰ ব্যাঞ্জনকাৰ উপস্থিত আছে।
ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী শ্বাহে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰিব।
newznow.in