নতুন দিল্লী, ২২ নৱেম্বৰ: দুদিনীয়া কাৰ্যসূচীৰে দেওবাৰে ভাৰতত উপস্থিত হয় নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ভাৰতলৈ অহা শ্বাহে দুয়োখন দেশৰ মাজত শক্তি সহযোগিতা, অৰ্থনৈতিক সম্পৰ্ক, আন্তঃগাঁথনি উন্নয়ন আৰু সীমান্তৱৰ্তী সংযোগ ব্যৱস্থা সন্দৰ্ভত এক উচ্চপৰ্যায়ৰ বৈঠকত মিলিত হ'ব।

চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা ৩৬ বছৰীয়া বালেন্দ্ৰ শ্বাহৰ এয়া প্ৰথম দ্বিপাক্ষিক বিদেশ ভ্ৰমণ। নেপাল এয়াৰলাইন্সৰ এখন নিয়মীয়া বাণিজ্যিক বিমানেৰে তেওঁ নতুন দিল্লীত উপস্থিত হয়।

নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে অহা ৩৪জনীয়া প্ৰতিনিধি দলটোত বিত্তমন্ত্ৰী স্বৰ্ণিম ৱাগলে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শিশিৰ খানাল আৰু মুখ্য উপদেষ্টা কুমাৰ ব্যাঞ্জনকাৰ উপস্থিত আছে। ইয়াৰ উপৰি ব্যৱসায়ীসকলৰ আন এটা সুকীয়া প্ৰতিনিধি দলেও ভাৰত ভ্ৰমণ কৰিছে।

ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী শ্বাহে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰিব। তাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ এক বৈঠকত অংশ ল'ব নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

বৈঠকত বাণিজ্য, যাতায়াত, বিনিয়োগ আৰু শক্তি সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা হ'ব। নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সূত্ৰে প্ৰকাশ পোৱা অনুসৰি, এই সময়ছোৱাত কেইবাটাও শক্তি প্ৰকল্পৰ উদ্বোধন আৰু নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বিষয়টোৱে স্থান পাব।

ইয়াৰ উপৰি শিক্ষা, স্বাস্থ্য, কৃষি, মহাকাশ, দুৰ্যোগ ব্যৱস্থাপনা আৰু মানৱ সম্পদ উন্নয়নৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। নেপালত ভাৰতীয় বিনিয়োগ বৃদ্ধিৰ লক্ষ্যৰে শ্বাহে এক বাণিজ্য মঞ্চত উদ্যোগপতিসকলৰ সৈতেও আলোচনাত মিলিত হ'ব।

নেপালে নিজৰ উদ্বৃত্ত জলবিদ্যুৎ ভাৰতলৈ ৰপ্তানি কৰাৰ লগতে ভাৰতীয় বিদ্যুৎ বজাৰত অংশীদাৰিত্ব বৃদ্ধিৰ চেষ্টা চলাইছে। আনহাতে, এই ভ্ৰমণৰ পূৰ্বে নেপালৰ প্ৰধান বিৰোধী দল নেপালী কংগ্ৰেছে দেশৰ জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দিবলৈ চৰকাৰক আহ্বান জনাইছিল। সোমবাৰে নেপাললৈ উভতি যাব প্ৰধানমন্ত্ৰী শ্বাহ।