বিদেশী বিনিয়োগকাৰীৰ তথ্য প্ৰকাশৰ নিয়ম শিথিল কৰাৰ ছেবীৰ প্ৰস্তাৱক লৈ প্ৰশ্ন তুলিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে।
নতুন দিল্লী, ২২ নৱেম্বৰ: বিদেশী পৰ্টফ'লিঅ' বিনিয়োগকাৰী চমুকৈ এফপিআইৰ বাবে প্ৰযোজ্য অতিৰিক্ত তথ্য প্ৰকাশৰ নিয়ম পুনৰীক্ষণ কৰাৰ বাবে ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অৱ ইণ্ডিয়া চমুকৈ ছেবীয়ে…
কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা যোগাযোগ বিভাগৰ দায়িত্বত থকা জয়ৰাম ৰমেশে দেওবাৰে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে ২০২৩ চনৰ জানুৱাৰীত আদানী গোষ্ঠীৰ সৈতে জড়িত বিদেশী পুঁজি আৰু শ্বেল কোম্পানীৰ জটিল মালিকীস্বত্বৰ গাঁথনি সন্দৰ্ভত উত্থাপিত অভিযোগৰ পাছতে নিয়ন্ত্ৰক সংস্থাটোৱে…
২০২৩ চনৰ আগষ্টত ছেবীয়ে এনে এফপিআইসমূহৰ বাবে বিস্তৃত তথ্য প্ৰকাশ বাধ্যতামূলক কৰিছিল, যাৰ ভাৰতীয় শ্বেয়াৰ বিনিয়োগৰ ৫০ শতাংশতকৈ অধিক অংশ একেটা কৰ্প’ৰেট গোষ্ঠীত কেন্দ্ৰীভূত হৈ আছে।
newznow.in