নতুন দিল্লী, ২২ নৱেম্বৰ: বিদেশী পৰ্টফ'লিঅ' বিনিয়োগকাৰী চমুকৈ এফপিআইৰ বাবে প্ৰযোজ্য অতিৰিক্ত তথ্য প্ৰকাশৰ নিয়ম পুনৰীক্ষণ কৰাৰ বাবে ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অৱ ইণ্ডিয়া চমুকৈ ছেবীয়ে আগবঢ়োৱা প্ৰস্তাৱৰ বিৰোধিতা কৰিছে কংগ্ৰেছে। দলটোৰ মতে, এই প্ৰস্তাৱে ভাৰতীয় পুঁজিবজাৰৰ স্বচ্ছতা, বিশ্বাসযোগ্যতা আৰু সাধাৰণ বিনিয়োগকাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত শংকাৰ সৃষ্টি কৰিব পাৰে।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা যোগাযোগ বিভাগৰ দায়িত্বত থকা জয়ৰাম ৰমেশে দেওবাৰে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ অভিযোগ কৰে যে ২০২৩ চনৰ আগষ্টত ছেবীয়ে প্ৰৱৰ্তন কৰা অতিৰিক্ত তথ্য প্ৰকাশৰ নিয়ম বাতিল কৰাৰ এই প্ৰস্তাৱে বিদেশী পুঁজিৰ প্ৰকৃত মালিকীস্বত্বৰ তথ্য অস্পষ্ট কৰি তুলিব পাৰে।
কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে ২০২৩ চনৰ জানুৱাৰীত আদানী গোষ্ঠীৰ সৈতে জড়িত বিদেশী পুঁজি আৰু শ্বেল কোম্পানীৰ জটিল মালিকীস্বত্বৰ গাঁথনি সন্দৰ্ভত উত্থাপিত অভিযোগৰ পাছতে নিয়ন্ত্ৰক সংস্থাটোৱে অধিক কঠোৰ তথ্য প্ৰকাশৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। এই নিয়মৰ উদ্দেশ্য আছিল বিদেশী পুঁজিৰ প্ৰকৃত মালিক, অৰ্থনৈতিক স্বাৰ্থ আৰু নিয়ন্ত্ৰণৰ সঠিক তথ্য চিনাক্ত কৰা।
২০২৩ চনৰ আগষ্টত ছেবীয়ে এনে এফপিআইসমূহৰ বাবে বিস্তৃত তথ্য প্ৰকাশ বাধ্যতামূলক কৰিছিল, যাৰ ভাৰতীয় শ্বেয়াৰ বিনিয়োগৰ ৫০ শতাংশতকৈ অধিক অংশ একেটা কৰ্প’ৰেট গোষ্ঠীত কেন্দ্ৰীভূত হৈ আছে। এই ব্যৱস্থাৰ জৰিয়তে পুঁজিৰ চূড়ান্ত মালিকীস্বত্ব আৰু নিয়ন্ত্ৰণকাৰীৰ তথ্য ৰাজহুৱা কৰাৰ ব্যৱস্থা কৰা হৈছিল।
জয়ৰাম ৰমেশে ছেবীৰ ছেপ্টেম্বৰ ২০২৬ৰ আদানী গোষ্ঠীৰ ন্যূনতম ৰাজহুৱা শ্বেয়াৰধাৰণৰ গোচৰ নিষ্পত্তিৰ চূড়ান্ত নিৰ্দেশৰ প্ৰসংগো উত্থাপন কৰে। তেওঁৰ মতে, উক্ত নিৰ্দেশত বিনোদ আদানীয়ে সংশ্লিষ্ট পুঁজিসমূহ নিয়ন্ত্ৰণ কৰাৰ প্ৰমাণ প্ৰতিষ্ঠা হোৱা নাই বুলি কোৱা হৈছে যদিও পৰিস্থিতিয়ে অধিক পৰীক্ষাৰ প্ৰয়োজনীয়তাৰ সন্দেহ সৃষ্টি কৰিব পাৰে বুলিও উল্লেখ কৰা হৈছে।
বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ নামত তথ্য প্ৰকাশৰ সুৰক্ষা ব্যৱস্থা শিথিল কৰাৰ যুক্তি লৈ প্ৰশ্ন তুলি কংগ্ৰেছ নেতাজনে কয় যে বিগত দুবছৰত ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা এফপিআইসমূহে ৫.৬১ লাখ কোটি টকা উলিয়াই নিছে। কিন্তু ছেবীৰ নিজা পৰামৰ্শপত্ৰতো এই ধন উলিওৱাৰ আঁৰত আন কাৰণ থকা বুলিহে উল্লেখ কৰা হৈছে।
আনহাতে, ছেবীৰ এই প্ৰস্তাৱৰ লক্ষ্য হৈছে বিদেশী বিনিয়োগকাৰীৰ বাবে নিয়ম-কানুন অধিক সহজ কৰা আৰু ভাৰতীয় পুঁজিবজাৰক বিনিয়োগৰ বাবে আকৰ্ষণীয় কৰি তোলা। সংস্থাটোৰ মতে, বৰ্তমানৰ অতিৰিক্ত তথ্য প্ৰকাশৰ ব্যৱস্থা ভাৰতৰ ক্ষেত্ৰত অধিক কঠোৰ আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে ই সামঞ্জস্যপূৰ্ণ নহয়। এই প্ৰস্তাৱ সন্দৰ্ভত ছেবীয়ে জনসাধাৰণৰ মতামত বিচাৰিছে আৰু মতামত দাখিলৰ অন্তিম তাৰিখ ১১ ডিচেম্বৰ নিৰ্ধাৰণ কৰা হৈছে।