বাংলাদেশৰ নাৰাইল জিলাত আৱামী লীগৰ নেতা-কৰ্মীৰ ঘৰত ভয়ংকৰ অগ্নিসংযোগ আৰু লুটপাত।
ঢাকা, ২২ নৱেম্বৰ: বাংলাদেশত পুনৰ ৰাজনৈতিক হিংসাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে।
বেন্দাৰচৰ গাঁৱত শুকুৰবাৰে দুপৰীয়াৰ পৰা মাজনিশালৈকে ব্যাপক আক্ৰমণ, লুটপাত আৰু অগ্নিসংযোগ চলোৱা হয়।
গাঁওবাসীৰ অভিযোগ অনুসৰি, বাংলাদেশ নেচনেলিষ্ট পাৰ্টী চমুকৈ বিএনপিৰ সমৰ্থকসকলে প্ৰায় ৫০টা ঘৰ আৰু দোকান ভাঙি-ছিঙি লুটপাত চলাই জুই লগাই দিয়ে।
নাৰাইল জিলা আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, যোৱা ১৮ নৱেম্বৰত নাৰাইলত বিএনপিৰ মটৰচাইকেল সমদলত হোৱা আক্ৰমণত দলটোৰ দুজন নেতা নিহত হৈছিল।
newznow.in