ঢাকা, ২২ নৱেম্বৰ: বাংলাদেশত পুনৰ ৰাজনৈতিক হিংসাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নাৰাইল জিলাৰ কালিয়া উপজিলাৰ বেন্দাৰচৰ গাঁৱত শুকুৰবাৰে আৱামী লীগৰ নেতা-কৰ্মীৰ প্ৰায় ৩০টা ঘৰত অগ্নিসংযোগ আৰু লুটপাতৰ ঘটনা সংঘটিত হয়। যোৱা সপ্তাহত বিৰোধী দল বিএনপিৰ দুজন নেতাক হত্যা কৰাৰ পাছতেই এই আক্ৰমণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

বেন্দাৰচৰ গাঁৱত শুকুৰবাৰে দুপৰীয়াৰ পৰা মাজনিশালৈকে ব্যাপক আক্ৰমণ, লুটপাত আৰু অগ্নিসংযোগ চলোৱা হয়। আক্ৰমণকাৰীসকলে বিশেষকৈ আৱামী লীগৰ প্ৰাক্তন সাংসদ বি এম কবিৰুল হক মুক্তি, কালিয়া পৌৰসভাৰ প্ৰাক্তন মেয়ৰ মুছফিকুৰ ৰহমান লিটন আৰু দলৰ স্থানীয় সাধাৰণ সম্পাদক কৃষ্ণপদ ঘোষৰ বাসগৃহক লক্ষ্য কৰি লয়। নিশা প্ৰায় ৮ বজাত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ প্ৰায় ২০ৰ পৰা ৩০টা ঘৰ জুইত জাহ যোৱা প্ৰত্যক্ষ কৰে।

গাঁওবাসীৰ অভিযোগ অনুসৰি, বাংলাদেশ নেচনেলিষ্ট পাৰ্টী চমুকৈ বিএনপিৰ সমৰ্থকসকলে প্ৰায় ৫০টা ঘৰ আৰু দোকান ভাঙি-ছিঙি লুটপাত চলাই জুই লগাই দিয়ে। অৱশ্যে স্থানীয় বিএনপি নেতৃত্বই এই অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। কালিয়া উপজিলাৰ কাৰ্যবাহী বিষয়া মহম্মদ জিন্নাতুল ইছলামে জনোৱা মতে, প্ৰাক্তন সাংসদগৰাকীৰ বাসগৃহসহ কেইবাটাও ঘৰত আক্ৰমণ আৰু ভাঙি-ছিঙি কৰা হৈছে আৰু ৫-৬টা ঘৰত জুই লগোৱা হয়। কিন্তু এই ঘটনাৰ আঁৰত কোন জড়িত, সেই বিষয়ে প্ৰশাসনে এতিয়াও স্পষ্ট কৰিব পৰা নাই।

নাৰাইল জিলা আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, যোৱা ১৮ নৱেম্বৰত নাৰাইলত বিএনপিৰ মটৰচাইকেল সমদলত হোৱা আক্ৰমণত দলটোৰ দুজন নেতা নিহত হৈছিল। সেই ঘটনাৰ প্ৰতিশোধ হিচাপে নিহত নেতা দুজনৰ আত্মীয় আৰু সমৰ্থকসকলে বেন্দাৰচৰত সমবেত হৈ সন্দেহযুক্ত আৱামী লীগৰ লোকসকলৰ সম্পত্তিত আক্ৰমণ চলায়। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ অঞ্চলটোত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে।

ইফালে, পটুয়াখালীত বৃহস্পতিবাৰৰ নিশাৰ পৰা শুকুৰবাৰৰ সন্ধিয়ালৈকে আৱামী লীগৰ তিনিজন প্ৰাক্তন সাংসদৰ বাসগৃহত আক্ৰমণ চলাই লণ্ডভণ্ড কৰা হয়। আনহাতে, পাবনা জিলাৰ বেৰাৰ পৌৰসভা এলেকাত শনিবাৰে বিএনপি আৰু আৱামী লীগৰ সমৰ্থকৰ মাজত হোৱা সংঘৰ্ষ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে ৰবৰ বুলেট আৰু কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়।

সমগ্ৰ দেশত আইন-শৃংখলা বজাই ৰাখিবলৈ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। বৰ্ডাৰ গাৰ্ড বাংলাদেশে (বিজিবি) ঢাকা, নাৰায়ণগঞ্জ, গাজীপুৰ, গোপালগঞ্জ, ময়মনসিং, ফৰিদপুৰ আৰু কক্সবজাৰত মুঠ ৯৫টা প্লাটুন মোতায়েন কৰিছে। ইয়াৰ উপৰি গোপালগঞ্জত দুটা অতিৰিক্ত বেটেলিয়নো নিয়োগ কৰা হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সম্ভাৱ্য প্ৰত্যাৱৰ্তনক কেন্দ্ৰ কৰি দেশখনত ৰাজনৈতিক উত্তেজনা অব্যাহত থকাৰ সময়তে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে।