অৰ্ধনাৰীশ্বৰৰ ছবি সামাজিক মাধ্যমত প্ৰকাশ কৰি বিজেপি আৰু আৰএছএছক তীব্ৰ সমালোচনা কৰিলে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।
নতুন দিল্লী, ২২ নৱেম্বৰ: বিজেপি আৰু আৰএছএছক তীব্ৰ সমালোচনা কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।
সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাহুল গান্ধীয়ে উল্লেখ কৰে যে ভাৰতীয় আধ্যাত্মিক আৰু ধৰ্মীয় পৰম্পৰাৰ গভীৰতালৈ যোৱাৰ লগে লগে তেওঁৰ উপলব্ধি অধিক স্পষ্ট হৈ উঠিছে।
মাতৃ ছোনিয়া গান্ধীৰ স্মৃতিগ্ৰন্থ ‘Belonging: A Journey Of Love’ উন্মোচনী অনুষ্ঠানত পিতৃ-মাতৃৰ সম্পৰ্কক লৈ কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতাগৰাকীয়ে শেহতীয়াকৈ সমালোচনাৰ সন্মুখীন হৈছিল।
ৰাহুল গান্ধীৰ এই মন্তব্যক লৈ বিজেপি নেতাসকলে তেওঁক তীব্ৰ কটাক্ষ কৰিছিল।
newznow.in