নতুন দিল্লী, ২২ নৱেম্বৰ: বিজেপি আৰু আৰএছএছক তীব্ৰ সমালোচনা কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। দেওবাৰে সামাজিক মাধ্যমত অৰ্ধনাৰীশ্বৰ ৰূপৰ শিৱ-পাৰ্বতীৰ মূৰ্তিৰ ছবি প্ৰকাশ কৰি তেওঁ বিজেপি আৰু আৰএছএছক ‘অসভ্য, লোভী, জাতিবাদী আৰু পুৰুষতান্ত্ৰিক’ বুলি অভিহিত কৰে।

Rahul Gandhi post on X
Rahul Gandhi post on 'X'

সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাহুল গান্ধীয়ে উল্লেখ কৰে যে ভাৰতীয় আধ্যাত্মিক আৰু ধৰ্মীয় পৰম্পৰাৰ গভীৰতালৈ যোৱাৰ লগে লগে তেওঁৰ উপলব্ধি অধিক স্পষ্ট হৈ উঠিছে। তেওঁ অভিযোগ কৰে যে বিজেপি আৰু আৰএছএছৰ ভাৰতীয় আধ্যাত্মিক তথা ধৰ্মীয় পৰম্পৰাৰ বিষয়ে কোনো বোধ নাই। পোষ্টটোৰ সৈতে তেওঁ অৰ্ধনাৰীশ্বৰ ৰূপৰ এটা ভাস্কৰ্যৰ ছবি প্ৰকাশ কৰে। হিন্দু ধৰ্মীয় পৰম্পৰাত অৰ্ধনাৰীশ্বৰ হৈছে শিৱ আৰু পাৰ্বতীৰ একত্ৰিত ৰূপ, য'ত মূৰ্তিটোৰ এটা অংশ পুৰুষ আৰু আনটো অংশ নাৰীৰ প্ৰতীক।

মাতৃ ছোনিয়া গান্ধীৰ স্মৃতিগ্ৰন্থ ‘Belonging: A Journey Of Love’ উন্মোচনী অনুষ্ঠানত পিতৃ-মাতৃৰ সম্পৰ্কক লৈ কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতাগৰাকীয়ে শেহতীয়াকৈ সমালোচনাৰ সন্মুখীন হৈছিল। শৈশৱৰ স্মৃতি ৰোমন্থন কৰি তেওঁ কৈছিল যে পিতৃ-মাতৃয়ে একেলগে আহাৰ গ্ৰহণ কৰাৰ সময়ত মাতৃয়ে পিতৃৰ কোলাত বহিছিল।

ৰাহুল গান্ধীৰ এই মন্তব্যক লৈ বিজেপি নেতাসকলে তেওঁক তীব্ৰ কটাক্ষ কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমত এটা পোষ্টযোগে কংগ্ৰেছ নেতাগৰাকীক সমালোচনা কৰে।

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে শিৱৰ কোলাত বহি থকা পাৰ্বতীৰ দ্বাদশ শতিকাৰ মন্দিৰ ভাস্কৰ্যৰ এখন ছবিও প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে ভয়, খং আৰু ঘৃণাই বিজেপি আৰু আৰএছএছৰ সমৰ্থকসকলৰ মনত এক জাল সৃষ্টি কৰিছে, যাৰ ফলত তেওঁলোকে প্ৰেম প্ৰকাশ কৰিব পৰা নাই। এজন প্ৰকৃত হিন্দু হিচাপে সেই জালৰ পৰা তেওঁলোকক মুক্ত কৰাটো নিজৰ কৰ্তব্য বুলিও ৰাহুলে মন্তব্য কৰে।

কংগ্ৰেছ দলেও সামাজিক মাধ্যমত ৰাহুল গান্ধীৰ মন্তব্যক সমৰ্থন জনায়। দলটোৱে কয় যে প্ৰেম লুকুৱাই ৰখাৰ বিষয় নহয়, মৰম দুৰ্বলতা নহয় আৰু সমতা আৰম্ভ হয় জীৱনসংগীক সমান মৰ্যাদা দিয়াৰ পৰা। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ অব্যাহত আছে।