- এইচিৰ ৭ নম্বৰ হোষ্টেলৰ পানীৰ টেংকীত মৃত বান্দৰ।
গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ (এইচি) ৭ নম্বৰ হোষ্টেলৰ খোৱাপানীৰ টেংকীত এটা গেলি-পচি যোৱা বান্দৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
শিক্ষাৰ্থীসকলৰ অভিযোগ অনুসৰি, মৃত বান্দৰটোৰ শৱদেহ প্ৰায় এসপ্তাহ ধৰি টেংকীটোৰ ভিতৰত পৰি আছিল।
ছাত্ৰসকলে লগতে অভিযোগ কৰিছে যে বান্দৰটোৰ মৃতদেহ উদ্ধাৰৰ কেইবাদিনো আগৰে পৰা পানীৰ পৰা দুৰ্গন্ধ ওলাই আছিল।
এই ঘটনাই শিক্ষাৰ্থীসকলৰ স্বাস্থ্য আৰু সুৰক্ষাক লৈ উদ্বেগ বৃদ্ধি কৰিছে।
newznow.in