গুৱাহাটী, ৩ নৱেম্বৰঃ
গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ (এইচি) ৭ নম্বৰ হোষ্টেলৰ খোৱাপানীৰ টেংকীত এটা গেলি-পচি যোৱা বান্দৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাৰ পিছতে ৫০ৰো অধিক শিক্ষাৰ্থী অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে।
শিক্ষাৰ্থীসকলৰ অভিযোগ অনুসৰি, মৃত বান্দৰটোৰ শৱদেহ প্ৰায় এসপ্তাহ ধৰি টেংকীটোৰ ভিতৰত পৰি আছিল। সেই সময়ছোৱাত হোষ্টেলৰ আৱাসীসকলে একেটা পানী খোৱা আৰু ৰন্ধা-বঢ়াৰ কামত ব্যৱহাৰ কৰি আছিল।
ছাত্ৰসকলে লগতে অভিযোগ কৰিছে যে বান্দৰটোৰ মৃতদেহ উদ্ধাৰৰ কেইবাদিনো আগৰে পৰা পানীৰ পৰা দুৰ্গন্ধ ওলাই আছিল। তথাপি সেই পানী ব্যৱহাৰ হৈ থকাৰ অভিযোগে হোষ্টেলৰ পানীৰ গুণগত মান আৰু ৰক্ষণাবেক্ষণ ব্যৱস্থাক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছে।
এই ঘটনাই শিক্ষাৰ্থীসকলৰ স্বাস্থ্য আৰু সুৰক্ষাক লৈ উদ্বেগ বৃদ্ধি কৰিছে। বিশেষকৈ অসমৰ এখন আগশাৰীৰ অভিযান্ত্ৰিক শিক্ষানুষ্ঠানৰ হোষ্টেলত খোৱাপানীৰ টেংকীৰ এনে অৱস্থাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ দায়িত্বক লৈও প্ৰশ্ন তুলিছে।
অৱশ্যে, অসুস্থ শিক্ষাৰ্থীৰ সঠিক সংখ্যা আৰু তেওঁলোকৰ অসুস্থতাৰ কাৰণ এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই। ঘটনাটোৰ সন্দৰ্ভত মহাবিদ্যালয় কৰ্তৃপক্ষৰ আনুষ্ঠানিক বক্তব্যও জানিব পৰা হোৱা নাই।