তিনিচুকীয়া জিলাৰ জাগুনৰ চন্দ্ৰপুৰ গাঁৱৰ দুজন যুৱক বিগত ১৩ দিন ধৰি সন্ধানহীন হৈ থকাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
সন্ধানহীন যুৱক দুজন হৈছে চন্দ্ৰপুৰ গাঁৱৰ দেৱেন গগৈৰ ৩২ বছৰীয়া পুত্ৰ মিন্টু গগৈ আৰু পুতুল সোণোৱালৰ ২৫ বছৰীয়া একমাত্ৰ পুত্ৰ ইন্দ্ৰজিৎ সোণোৱাল ওৰফে পাপু।
পৰিয়ালৰ পৰা জানিব পৰা মতে, মিন্টু গগৈ বিবাহিত আৰু তেওঁৰ ১৪ বছৰীয়া এজন পুত্ৰ সন্তান আছে।
বিদ্যালয় ছুটীৰ পিছত পুত্ৰই পিতৃৰ নিৰ্দেশ অনুসৰি দোকানখনৰ পৰা মটৰচাইকেলৰ চাবি, মোবাইল ফোন আৰু মিন্টু গগৈয়ে পিন্ধি অহা এযোৰ চেণ্ডেল বেগত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰি ঘৰলৈ লৈ যায়।
আনহাতে, ইন্দ্ৰজিৎ সোণোৱাল পৰিয়ালটোৰ একমাত্ৰ সন্তান আৰু উপাৰ্জনকাৰী আছিল।
newznow.in