তিনিচুকীয়া জিলাৰ জাগুনৰ চন্দ্ৰপুৰ গাঁৱৰ দুজন যুৱক বিগত ১৩ দিন ধৰি সন্ধানহীন হৈ থকাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সন্ধানহীন যুৱক দুজন আলফা (স্বা)ত যোগদানৰ উদ্দেশ্যে আঁতৰি যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়াল তথা স্থানীয় একাংশ লোকে। অৱশ্যে এই সন্দেহৰ কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই।

সন্ধানহীন যুৱক দুজন হৈছে চন্দ্ৰপুৰ গাঁৱৰ দেৱেন গগৈৰ ৩২ বছৰীয়া পুত্ৰ মিন্টু গগৈ আৰু পুতুল সোণোৱালৰ ২৫ বছৰীয়া একমাত্ৰ পুত্ৰ ইন্দ্ৰজিৎ সোণোৱাল ওৰফে পাপু। যোৱা ১০ নৱেম্বৰৰ পৰা দুয়োৰে কোনো সন্ধান লাভ কৰা নাই পৰিয়ালৰ লোকে।

পৰিয়ালৰ পৰা জানিব পৰা মতে, মিন্টু গগৈ বিবাহিত আৰু তেওঁৰ ১৪ বছৰীয়া এজন পুত্ৰ সন্তান আছে। ১০ নৱেম্বৰৰ পুৱা তেওঁ নৱম শ্ৰেণীত অধ্যয়নৰত পুত্ৰক বিদ্যালয়ত থ’বলৈ মটৰচাইকেলেৰে জাগুনলৈ আহিছিল। পুত্ৰক বিদ্যালয়ত নমাই দিয়াৰ সময়ত তেওঁ নিজৰ মটৰচাইকেলৰ চাবি আৰু মোবাইল ফোনটো জাগুনৰ এম ডি নামৰ এখন মোবাইল দোকানৰ পৰা লৈ যাবলৈ পুত্ৰক কৈছিল।

বিদ্যালয় ছুটীৰ পিছত পুত্ৰই পিতৃৰ নিৰ্দেশ অনুসৰি দোকানখনৰ পৰা মটৰচাইকেলৰ চাবি, মোবাইল ফোন আৰু মিন্টু গগৈয়ে পিন্ধি অহা এযোৰ চেণ্ডেল বেগত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰি ঘৰলৈ লৈ যায়। কিন্তু তাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছে মিন্টু গগৈ।

আনহাতে, ইন্দ্ৰজিৎ সোণোৱাল পৰিয়ালটোৰ একমাত্ৰ সন্তান আৰু উপাৰ্জনকাৰী আছিল। তেওঁ জাগুনৰ এখন যাত্ৰীবাহী বাছত পৰিচালক হিচাপে কৰ্মৰত আছিল। কৰ্মসূত্ৰে তেওঁ এমাহ বা দুমাহৰ মূৰে মূৰেহে ঘৰলৈ আহিছিল। পৰিয়ালৰ লোকৰ মতে, দৈনিক কাম-কাজত ব্যস্ত থকা যুৱকজন হঠাতে নিৰুদ্দেশ হোৱাত তেওঁলোক চিন্তিত হৈ পৰিছে।

সেনা-আৰক্ষীৰ সোধা-পোছাৰ পিছত সন্দেহ বৃদ্ধি

পৰিয়ালৰ ভাষ্য অনুসৰি, যুৱক দুজন সন্ধানহীন হোৱাৰ দুদিন পিছত সেনা আৰু আৰক্ষীৰ এটা দল তেওঁলোকৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক সোধা-পোছা কৰে। তাৰ পিছতেই যুৱক দুজনৰ সন্ধানহীনতাৰ আঁৰত আলফা (স্বা)ত যোগদানৰ সম্ভাৱনা থাকিব পাৰে বুলি পৰিয়াল আৰু স্থানীয় লোকৰ মাজত সন্দেহৰ সৃষ্টি হয়।

অৱশ্যে যুৱক দুজনে আলফা (স্বা)ত যোগদান কৰিছে নে নাই, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই।

ইফালে, ১৩ দিন উকলি যোৱাৰ পিছতো যুৱক দুজনৰ কোনো সন্ধান উলিয়াব পৰা নাই পৰিয়ালৰ লোকে। পুত্ৰৰ সন্ধান নাপাই দুয়োটা পৰিয়ালৰ পিতৃ-মাতৃ গভীৰ চিন্তাত ভাঙি পৰিছে। তেওঁলোকৰ সন্তানক অতি শীঘ্ৰে বিচাৰি উলিয়াই সুকলমে ঘৰলৈ ওভতাই অনাৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক কাতৰ আহ্বান জনাইছে।

বৰ্তমান সন্ধানহীন যুৱক দুজনৰ সন্ধানত সেনা আৰু আৰক্ষীৰ অনুসন্ধান অব্যাহত থকা বুলি জানিব পৰা গৈছে।