যুক্তৰাজ্যত পত্নীক নিচাযুক্ত দ্ৰব্য খুৱাই প্ৰায় ১৩ বছৰ ধৰি ধৰ্ষণ আৰু নিৰ্যাতন চলোৱাৰ গোচৰত চাৰিজন লোকক দোষী সাব্যস্ত কৰিলে আদালতে।
যুক্তৰাজ্যত সংঘটিত এক জঘন্য যৌন নিৰ্যাতনৰ গোচৰত উইনচেষ্টাৰ ক্ৰাউন কৰ্টৰ বিচাৰপীঠে চাৰিজন লোকক দোষী সাব্যস্ত কৰিছে।
দক্ষিণ-পশ্চিম ইংলেণ্ডৰ ছুইণ্ডনস্থিত নিজ বাসগৃহতে ফিলিপে এই কাণ্ড সংঘটিত কৰিছিল।
বৃহস্পতিবাৰে আদালতে নৰ্মান মেক্সনি (৪৮) আৰু ৰিচাৰ্ড উইলকিনছ (৬২)ক ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত কৰে।
পূৰ্বে কনজাৰ্ভেটিভ পাৰ্টিৰ স্থানীয় কাউন্সিলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ফিলিপ ইয়ঙে চলিত বৰ্ষৰ আৰম্ভণিতে পত্নীক নিচাযুক্ত দ্ৰব্য খুৱাই ধৰ্ষণ কৰাকে ধৰি একাধিক যৌন অপৰাধৰ অভিযোগ স্বীকাৰ কৰিছিল।
newznow.in