যুক্তৰাজ্যত সংঘটিত এক জঘন্য যৌন নিৰ্যাতনৰ গোচৰত উইনচেষ্টাৰ ক্ৰাউন কৰ্টৰ বিচাৰপীঠে চাৰিজন লোকক দোষী সাব্যস্ত কৰিছে। ফিলিপ ইয়ং নামৰ এজন ব্যক্তিয়ে প্ৰায় ১৩ বছৰ ধৰি নিজ পত্নী জোৱান ইয়ঙক নিচাযুক্ত ঔষধ খুৱাই অচেতন কৰি নিজে ধৰ্ষণ কৰাৰ উপৰি আন পুৰুষকো ঘৰলৈ মাতি আনি যৌন নিৰ্যাতন চলাবলৈ দিছিল। এই ঘটনাই ফ্ৰান্সৰ বহুচৰ্চিত জিজেল পেলিকট কাণ্ডৰ স্মৃতি সজীৱ কৰি তুলিছে।

দক্ষিণ-পশ্চিম ইংলেণ্ডৰ ছুইণ্ডনস্থিত নিজ বাসগৃহতে ফিলিপে এই কাণ্ড সংঘটিত কৰিছিল। পত্নীক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি চলোৱা এই নিৰ্যাতনৰ ঘটনা পত্নীৰ অজ্ঞাতে ভিডিঅ' ৰেকৰ্ডিং কৰিও ৰাখিছিল অভিযুক্তই। তিনি সপ্তাহজোৰা বিচাৰ প্ৰক্ৰিয়াত ৪৯ বছৰীয়া ভুক্তভোগী জোৱান ইয়ঙে নিজৰ পৰিচয় গোপন নকৰি আদালতত সাক্ষ্য প্ৰদান কৰে।

Richard Wilkins (top left), Norman Macksoni (top right), Connor Sanderson-Doyle (bottom right), and Mohammed Hassan (bottom left) were found guilty by a jury at Winchester Crown Court in southwest England
Richard Wilkins (top left), Norman Macksoni (top right), Connor Sanderson-Doyle (bottom right), and Mohammed Hassan (bottom left) were found guilty by a jury at Winchester Crown Court in southwest England


বৃহস্পতিবাৰে আদালতে নৰ্মান মেক্সনি (৪৮) আৰু ৰিচাৰ্ড উইলকিনছ (৬২)ক ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত কৰে। একেদৰে কনৰ ছেণ্ডাৰছন-ডয়েল (৩২) আৰু মহম্মদ হাছান (৩৮)ক যৌন নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত কৰা হয়। গোচৰটোৰ আন এজন সহ-অভিযুক্তই ইতিপূৰ্বে দোষ স্বীকাৰ কৰিছে। আনহাতে সপ্তমজন সন্দেহযুক্ত লোকৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

পূৰ্বে কনজাৰ্ভেটিভ পাৰ্টিৰ স্থানীয় কাউন্সিলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ফিলিপ ইয়ঙে চলিত বৰ্ষৰ আৰম্ভণিতে পত্নীক নিচাযুক্ত দ্ৰব্য খুৱাই ধৰ্ষণ কৰাকে ধৰি একাধিক যৌন অপৰাধৰ অভিযোগ স্বীকাৰ কৰিছিল। ২০২৪ চনত পশুৰ সৈতে যৌন সম্পৰ্কৰ ছবি ইণ্টাৰনেটত আপলোড কৰাৰ অভিযোগত আৰক্ষীয়ে ফিলিপৰ ইলেক্ট্ৰনিক সঁজুলিসমূহ পৰীক্ষা কৰাৰ পাছতে এই ভয়ংকৰ তথ্য পোহৰলৈ আহে। তাত পত্নীৰ শ শ আপত্তিজনক ছবি আৰু ভিডিঅ' উদ্ধাৰ হয়।

আদালতত দাখিল কৰা ভিডিঅ'সমূহৰ ভিতৰত ২০১৬ চনৰ এক দৃশ্যও আছিল, য'ত ৰিচাৰ্ড উইলকিনছে চকু আৰু হাত-ভৰি বান্ধি থোৱা অৱস্থাত অচেতন জোৱানক যৌন নিৰ্যাতন চলোৱা দেখা গৈছিল। ফ্ৰান্সৰ ফৰেনছিক বিশেষজ্ঞসকলেও এই গোচৰৰ তদন্তত ব্ৰিটিছ আৰক্ষীক সহায় কৰে। ফৰেনছিক পৰীক্ষাগাৰত জোৱানৰ চুলিৰ নমুনা পৰীক্ষা কৰাৰ পাছত কেটামিন আৰু জোলপিডম নামৰ নিচাযুক্ত ঔষধৰ অৱশিষ্ট পোৱা যায়।

আদালতৰ ৰায়ৰ পাছত জোৱান ইয়ঙে কয় যে যাক তেওঁ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বিশ্বাস কৰিছিল, সেইজন স্বামীয়েই তেওঁৰ সৈতে চৰম বিশ্বাসঘাতকতা কৰিলে। এই নিৰ্যাতনে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলালে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে।