দেশ

“ভাৰতৰ উন্নয়ন আহিছে গুজৰাটৰ উন্নয়নৰ পৰা ”— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

NewzNow · ২২ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

গুজৰাটৰ বিকাশৰ পৰাই দেশৰ উন্নয়ন সম্ভৱ হৈছে বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

২ / ৫

নতুন দিল্লী, ২২ নৱেম্বৰ: গুজৰাটৰ উন্নয়নৰ পৰাই সমগ্ৰ ভাৰতৰ বিকাশ সম্ভৱ হৈছে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

৩ / ৫

দেওবাৰে নতুন দিল্লীৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে গুজৰাট বিজেপিৰ ‘দীপাৱলী স্নেহ মিলন ২০২৬’ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰে।

৪ / ৫

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষি, দুগ্ধ উৎপাদন, উদ্যোগ, ছেমিকণ্ডাক্টৰ, পেট্ৰ’কেমিকেল, অটোম’বাইল, সেউজ শক্তি আৰু আধুনিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুজৰাটে লক্ষণীয় সফলতা অৰ্জন কৰিছে।

৫ / ৫

২০০১ চনৰ জটিল পৰিস্থিতিৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সেই সময়ত ৰাজ্যখন ভয়াৱহ খৰাং, বেংক কেলেংকাৰি, মানুহৰ প্ৰব্ৰজন আৰু পশুধনৰ খাদ্যৰ অভাৱৰ দৰে সমস্যাত জুৰুলা হৈছিল।

“ভাৰতৰ উন্নয়ন আহিছে গুজৰাটৰ উন্নয়নৰ পৰা ”— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক