নতুন দিল্লী, ২২ নৱেম্বৰ: গুজৰাটৰ উন্নয়নৰ পৰাই সমগ্ৰ ভাৰতৰ বিকাশ সম্ভৱ হৈছে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যখনৰ ৰূপান্তৰৰ আঁৰত ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিৰ কেইবাটাও প্ৰজন্মৰ কৰ্মীসকলৰ ত্যাগ, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম আছে বুলি তেওঁ উল্লেখ কৰে।
দেওবাৰে নতুন দিল্লীৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে গুজৰাট বিজেপিৰ ‘দীপাৱলী স্নেহ মিলন ২০২৬’ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰে। ৰাজহুৱা সেৱাত নিজৰ ২৫ বছৰীয়া যাত্ৰাৰ কথা স্মৰণ কৰি তেওঁ গুজৰাটৰ ২০০১ চনৰ ভূমিকম্প আৰু খৰাং পৰিস্থিতিৰ পিছৰ কঠিন সময়ছোৱাৰ কথাও উল্লেখ কৰে।
“গুজৰাটত আপোনালোকৰ মাজত কাম কৰাৰ সুযোগ পোৱাৰ সময়ৰে পৰা মই কৈ আহিছোঁ যে দেশৰ উন্নয়ন গুজৰাটৰ উন্নয়নৰ পৰাই আহে। ভাৰতৰ উন্নয়ন গুজৰাটৰ উন্নয়নৰ পৰাই সম্ভৱ হৈছে।”
প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষি, দুগ্ধ উৎপাদন, উদ্যোগ, ছেমিকণ্ডাক্টৰ, পেট্ৰ’কেমিকেল, অটোম’বাইল, সেউজ শক্তি আৰু আধুনিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুজৰাটে লক্ষণীয় সফলতা অৰ্জন কৰিছে। অক্টোবৰত গুজৰাটত ৰাজহুৱা সেৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰি তেওঁ বিজেপিৰ কৰ্মীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। কৰ্মীসকলৰ শক্তি, উৎসাহ, ত্যাগ আৰু সহযোগিতা অবিহনে এই সফলতা সম্ভৱ নহ’লহেঁতেন বুলিও তেওঁ জনায়।
২০০১ চনৰ জটিল পৰিস্থিতিৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সেই সময়ত ৰাজ্যখন ভয়াৱহ খৰাং, বেংক কেলেংকাৰি, মানুহৰ প্ৰব্ৰজন আৰু পশুধনৰ খাদ্যৰ অভাৱৰ দৰে সমস্যাত জুৰুলা হৈছিল। সেই সময়ত বিজেপি কৰ্মীসকলে ঘৰে ঘৰে গৈ ‘সুখড়ি’ সংগ্ৰহ কৰি দৰিদ্ৰ লোকসকলৰ মাজত বিতৰণ কৰিছিল। একেদৰে খৰাং সমস্যাৰ সমাধানৰ বাবে চেক ডেম নিৰ্মাণ আৰু জল সংৰক্ষণৰ কামে গণ আন্দোলনৰ ৰূপ পাইছিল বুলিও তেওঁ উল্লেখ কৰে।
ইফালে, ছুৰাটৰ মাজুৰা বিধানসভা সমষ্টিত অনুষ্ঠিত স্নেহ মিলন অনুষ্ঠানত গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱীয়ে অংশগ্ৰহণ কৰি দলীয় কৰ্মীসকলৰ গুৰুত্বৰ কথা দোহাৰে। নিৰ্বাচিত প্ৰতিনিধিসকলে পদবী লাভ কৰাৰ পিছতো সাধাৰণ জনতা আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে সম্পৰ্ক বজাই ৰখা উচিত বুলি তেওঁ মন্তব্য কৰে।
সংঘৱীয়ে কয় যে বিজেপিৰ হাজাৰ হাজাৰ বুথ পৰ্যায়ৰ কৰ্মীৰ পৰিশ্ৰমৰ বাবেই নিৰ্বাচিত প্ৰতিনিধিসকলে স্থান লাভ কৰিছে। ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ লক্ষ্যত উপনীত হ'বলৈ ‘টীম গুজৰাট’ হিচাপে কাম কৰিবলৈ তেওঁ আহ্বান জনায়।