বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাইছে পশ্চিমবংগ বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যই।
কলকাতা, ২২ নৱেম্বৰ: বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত চলি থকা নিৰ্যাতনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে পশ্চিমবংগ বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যই।
সাংবাদিকসকলৰ আগত তেওঁ কয়, "বাংলাদেশত তেজ বৈছে আৰু আমাৰ ভাইসকল নিৰ্যাতিত হৈছে।
বাংলাদেশ গঠনত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা উল্লেখ কৰি বিজেপি সাংসদগৰাকীয়ে দাবী কৰে যে বাংলাদেশ ভাষাৰ ভিত্তিত নহয়, বৰঞ্চ ধৰ্মৰ ভিত্তিতহে গঠন হৈছিল।
দেশ বিভাজনৰ ক্ষতই এতিয়াও উপমহাদেশখনক দহি আছে বুলি অভিযোগ কৰি বিজেপি নেতাজনে কয় যে বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘু, বিশেষকৈ হিন্দুসকলে ইয়াৰ ফল ভোগ কৰিব লগা হৈছে।
newznow.in