কলকাতা, ২২ নৱেম্বৰ: বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত চলি থকা নিৰ্যাতনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে পশ্চিমবংগ বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যই। দেওবাৰে সংবাদ মাধ্যমৰ আগত এই আহ্বান জনায় বিজেপি নেতা তথা ৰাজ্যসভাৰ সাংসদগৰাকীয়ে।
সাংবাদিকসকলৰ আগত তেওঁ কয়, "বাংলাদেশত তেজ বৈছে আৰু আমাৰ ভাইসকল নিৰ্যাতিত হৈছে। এগৰাকী বঙালী হিন্দু হিচাপে মই ভাবো যে আমি সকলোৱে ৰাজপথলৈ ওলাই অহা উচিত।"
বাংলাদেশ গঠনত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা উল্লেখ কৰি বিজেপি সাংসদগৰাকীয়ে দাবী কৰে যে বাংলাদেশ ভাষাৰ ভিত্তিত নহয়, বৰঞ্চ ধৰ্মৰ ভিত্তিতহে গঠন হৈছিল। তেওঁ কয়, "বাংলাদেশ ভাষাৰ স্বাৰ্থত সৃষ্টি হোৱা নাছিল। যদি সেয়াই হ'লহেঁতেন, তেন্তে বাংলাদেশৰ বঙালীভাষী হিন্দুসকলে আজি এনেদৰে মৃত্যুবৰণ কৰিব লগা নহ'লহেঁতেন।" সেই সময়ৰ মূল বিষয়টো জনসাধাৰণৰ সুৰক্ষা আৰু এক গণতান্ত্ৰিক পৰিৱেশ সৃষ্টি কৰা হোৱা উচিত আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে তাৰ বিপৰীতে তৎকালীন নেতৃত্বই ধৰ্মীয় মৌলবাদৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।
দেশ বিভাজনৰ ক্ষতই এতিয়াও উপমহাদেশখনক দহি আছে বুলি অভিযোগ কৰি বিজেপি নেতাজনে কয় যে বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘু, বিশেষকৈ হিন্দুসকলে ইয়াৰ ফল ভোগ কৰিব লগা হৈছে। দেশ বিভাজনৰ বাবে জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধীক দোষাৰোপ কৰি শমিক ভট্টাচাৰ্যই কয় যে নেতাজী সুভাষ চন্দ্ৰ বসু যদি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হ'লহেঁতেন, তেন্তে তেওঁ কেতিয়াও দ্বি-জাতি তত্ত্ব মানি নল'লেহেঁতেন আৰু এই উপমহাদেশখনক ভাৰত, পাকিস্তান আৰু বাংলাদেশ হিচাপে বিভক্ত হ'বলৈ নিদিলেহেঁতেন।
বাংলাদেশত নতুনকৈ ৰাজনৈতিক উত্তেজনাই গা কৰি উঠাৰ সময়তে পশ্চিমবংগ বিজেপিৰ সভাপতিগৰাকীৰ এই মন্তব্য প্ৰকাশ পাইছে। ২০২৪ চনৰ ৫ আগষ্টৰ পৰা আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ভাৰতত থকাৰ পৰিপ্ৰেক্ষিতত শেহতীয়া মাহবোৰত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হৈছে। হাছিনাই ইতিমধ্যে বাংলাদেশলৈ উভতি যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে।