ভাৰত-বাংলাদেশ সীমান্তত কৰ্তব্যৰত অৱস্থাত বৰাক নদীত পৰি বিএছএফৰ ৭৫ নম্বৰ বেটেলিয়নৰ এজন জোৱান সন্ধানহীন হৈ পৰিছে।
শ্ৰীভূমি, ২৩ নৱেম্বৰ: ভাৰত-বাংলাদেশ সীমান্তত কৰ্তব্যৰত অৱস্থাত বিএছএফৰ ৭৫ নম্বৰ বেটেলিয়নৰ এজন জোৱান নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, নিশা সীমান্তত নিয়মীয়া টহল দি থকাৰ সময়ত বিএছএফৰ জোৱানসকলে নদীপথেৰে বাংলাদেশলৈ ম’হ সৰবৰাহৰ চেষ্টা চলোৱা এটা সন্দেহযুক্ত দলক প্ৰত্যক্ষ কৰে।
প্ৰাৰম্ভিকভাৱে বাংলাদেশী দুৰ্বৃত্তই জোৱানজনক অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতি পোৱা হোৱা নাই।
ঘটনাৰ পাছতে এছডিআৰএফে বৰাক নদীত ব্যাপক উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
newznow.in