শ্ৰীভূমি, ২৩ নৱেম্বৰ: ভাৰত-বাংলাদেশ সীমান্তত কৰ্তব্যৰত অৱস্থাত বিএছএফৰ ৭৫ নম্বৰ বেটেলিয়নৰ এজন জোৱান নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন জোৱানজনক কে ভেনু বুলি চিনাক্ত কৰা হৈছে। তেওঁ হৰিনগৰ বিঅ'পিত কৰ্তব্যৰত আছিল।

জানিব পৰা মতে, নিশা সীমান্তত নিয়মীয়া টহল দি থকাৰ সময়ত বিএছএফৰ জোৱানসকলে নদীপথেৰে বাংলাদেশলৈ ম’হ সৰবৰাহৰ চেষ্টা চলোৱা এটা সন্দেহযুক্ত দলক প্ৰত্যক্ষ কৰে। চোৰাং সৰবৰাহকাৰীৰ দলটোক বাধা দিবলৈ যাওঁতেই কে ভেনু বৰাক নদীত পৰি যায়। ইয়াৰ পিছৰে পৰা জোৱানজন সন্ধানহীন হৈ পৰে।

প্ৰাৰম্ভিকভাৱে বাংলাদেশী দুৰ্বৃত্তই জোৱানজনক অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতি পোৱা হোৱা নাই। জোৱানজনৰ নিৰুদ্দেশৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

ঘটনাৰ পাছতে এছডিআৰএফে বৰাক নদীত ব্যাপক উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। বিএছএফৰ জ্যেষ্ঠ বিষয়াসকলেও ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ তদাৰক কৰিছে। সন্ধানহীন জোৱানজনৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে।