অসম

শীঘ্ৰেই বৃদ্ধি হ’ব অংগনৱাড়ী কৰ্মী-সহায়িকাৰ মাননি, ঘোষণা মন্ত্ৰী অজন্তা নেওগৰ

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

ৰাজ্যৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি শীঘ্ৰেই বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছে মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে।

২ / ৫

গুৱাহাটী, ২৩ নৱেম্বৰ: ৰাজ্যৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে সুখবৰ।

৩ / ৫

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, অসমত শিশুৰ যত্ন আৰু পুষ্টি ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইতিমধ্যে ১০ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰা হৈছে।

৪ / ৫

ইয়াৰ উপৰি কৰ্মী আৰু সহায়িকাসকলৰ অৱসৰৰ পিছত এককালীন আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থাও ৰাজ্যত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

৫ / ৫

মাতৃ আৰু শিশুৰ কল্যাণ তথা শিশুৰ পুষ্টি আৰু যত্নৰ ক্ষেত্ৰত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে দীৰ্ঘদিন ধৰি আগবঢ়াই অহা নিৰলস সেৱাৰ স্বীকৃতি হিচাপেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

শীঘ্ৰেই বৃদ্ধি হ’ব অংগনৱাড়ী কৰ্মী-সহায়িকাৰ মাননি, ঘোষণা মন্ত্ৰী অজন্তা নেওগৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক