গুৱাহাটী, ২৩ নৱেম্বৰ: ৰাজ্যৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে সুখবৰ। শীঘ্ৰেই তেওঁলোকৰ মাননি বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছে মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, অসমত শিশুৰ যত্ন আৰু পুষ্টি ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইতিমধ্যে ১০ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে ৰাজ্যখনত অংগনৱাড়ী সেৱাৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

ইয়াৰ উপৰি কৰ্মী আৰু সহায়িকাসকলৰ অৱসৰৰ পিছত এককালীন আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থাও ৰাজ্যত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

মাতৃ আৰু শিশুৰ কল্যাণ তথা শিশুৰ পুষ্টি আৰু যত্নৰ ক্ষেত্ৰত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে দীৰ্ঘদিন ধৰি আগবঢ়াই অহা নিৰলস সেৱাৰ স্বীকৃতি হিচাপেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

অৱশ্যে বৰ্ধিত মাননিৰ পৰিমাণ কিমান হ’ব আৰু এই নতুন নিৰিখ কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হ’ব, সেই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা নাই।