কৃষকসকলক উৎসাহিত কৰাৰ লগতে কৃষিখণ্ডৰ উন্নয়নৰ লক্ষ্যৰে ধিং বিধানসভা সমষ্টিত কৃষকৰ মাজত বিনামূলীয়াকৈ নাৰিকলৰ পুলি বিতৰণ কৰা হয়।
তাঁতীকটা পঞ্চায়ত এলেকাত অনুষ্ঠিত এই কাৰ্যসূচীত ধিং সমষ্টিৰ বিধায়ক মেহবুব মোক্তাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
ৰাইজৰ দলৰ ধিং সমষ্টিৰ সভাপতি শ্বৰীফ উদ্দিন আহমেদ ওৰফে বাবুলে আঁত ধৰা অনুষ্ঠানত তাঁতীকটা আৰু হাতীমূৰীয়া পঞ্চায়তৰ কৃষকসকলৰ মাজত নাৰিকলৰ পুলি বিতৰণ কৰা হয়।
অনুষ্ঠানত বিধায়ক মেহবুব মোক্তাৰে কয় যে কৃষি আৰু কৃষকৰ উন্নয়নেই গ্ৰামাঞ্চলৰ অৰ্থনৈতিক সমৃদ্ধিৰ মূল আধাৰ।
সমষ্টিৰ কৃষকসকলৰ স্বাৱলম্বিতা, আয় বৃদ্ধি আৰু গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বাবে তেওঁ সদায় প্ৰতিশ্ৰুতিবদ্ধ বুলিও বিধায়কগৰাকীয়ে মত প্ৰকাশ কৰে।
newznow.in