কৃষকসকলক উৎসাহিত কৰাৰ লগতে কৃষিখণ্ডৰ উন্নয়নৰ লক্ষ্যৰে ধিং বিধানসভা সমষ্টিত কৃষকৰ মাজত বিনামূলীয়াকৈ নাৰিকলৰ পুলি বিতৰণ কৰা হয়। নগাঁও কৃষি বিভাগৰ উদ্যোগত Coconut Scheme (SOPD-2026–2027)ৰ অধীনত আজি সমষ্টিটোৰ কৃষকসকলৰ মাজত মুঠ ১,০০০ নাৰিকলৰ পুলি বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়।

তাঁতীকটা পঞ্চায়ত এলেকাত অনুষ্ঠিত এই কাৰ্যসূচীত ধিং সমষ্টিৰ বিধায়ক মেহবুব মোক্তাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। নগাঁও কৃষি বিভাগৰ বিভিন্ন পৰ্যায়ৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত বিধায়কগৰাকীয়ে কৃষকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে আনুষ্ঠানিকভাৱে নাৰিকলৰ পুলি বিতৰণ কৰে।

ৰাইজৰ দলৰ ধিং সমষ্টিৰ সভাপতি শ্বৰীফ উদ্দিন আহমেদ ওৰফে বাবুলে আঁত ধৰা অনুষ্ঠানত তাঁতীকটা আৰু হাতীমূৰীয়া পঞ্চায়তৰ কৃষকসকলৰ মাজত নাৰিকলৰ পুলি বিতৰণ কৰা হয়। ইয়াৰ উপৰি ধিং সমষ্টিৰ আন প্ৰতিটো পঞ্চায়তৰ কৃষকৰ বাবেও ৪০টাকৈ নাৰিকলৰ পুলি যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।

অনুষ্ঠানত বিধায়ক মেহবুব মোক্তাৰে কয় যে কৃষি আৰু কৃষকৰ উন্নয়নেই গ্ৰামাঞ্চলৰ অৰ্থনৈতিক সমৃদ্ধিৰ মূল আধাৰ। অসমৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰাৰ লগতে কৃষকসকলক নতুন কৃষি সম্ভাৱনাৰ সৈতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ এনে পদক্ষেপে সহায়ক ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

সমষ্টিৰ কৃষকসকলৰ স্বাৱলম্বিতা, আয় বৃদ্ধি আৰু গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বাবে তেওঁ সদায় প্ৰতিশ্ৰুতিবদ্ধ বুলিও বিধায়কগৰাকীয়ে মত প্ৰকাশ কৰে।