ডিব্ৰুগড়ৰ লেজাইত বন বিভাগে উদ্ধাৰৰ চেষ্টা চলোৱাৰ সময়তে নাহৰফুটুকীৰ আক্ৰমণত চাৰিজন লোক আহত হয়।
ডিব্ৰুগড়, ২৩ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ এখন গাঁৱত সোমবাৰে এটা নাহৰফুটুকীৰ আক্ৰমণত চাৰিজনকৈ লোক আহত হয়।
সোমবাৰে পুৱা জিলাখনৰ লেজাই অঞ্চলৰ চেচা দেৱানবাৰী গাঁৱত প্ৰথমে নাহৰফুটুকীটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
অভিযোগ অনুসৰি, এই উদ্ধাৰ অভিযানৰ বাবে বন বিভাগে কোনো পৰ্যাপ্ত সা-সঁজুলি লৈ অহা নাছিল।
স্থানীয় ৰাইজৰ সহযোগত বনকৰ্মীসকলে নাহৰফুটুকীটো জালত পেলাবলৈ চেষ্টা চলোৱাৰ সময়তে বন্যপ্ৰাণীটোৱে জালখন ফালি ওলাই আহে।
newznow.in