ডিব্ৰুগড়, ২৩ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ এখন গাঁৱত সোমবাৰে এটা নাহৰফুটুকীৰ আক্ৰমণত চাৰিজনকৈ লোক আহত হয়। বন বিভাগে নাহৰফুটুকীটো উদ্ধাৰ কৰিবলৈ চলোৱা অভিযানৰ মাজতে এই ঘটনা সংঘটিত হয়। ইয়াৰ পিছতে উত্তেজিত হৈ পৰা স্থানীয় ৰাইজে বন্যপ্ৰাণীটোক হত্যা কৰে।

সোমবাৰে পুৱা জিলাখনৰ লেজাই অঞ্চলৰ চেচা দেৱানবাৰী গাঁৱত প্ৰথমে নাহৰফুটুকীটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে। গাঁৱত বন্যপ্ৰাণীটো ওলোৱাৰ খবৰ পোৱাৰ লগে লগে ৰাইজে বন বিভাগক অৱগত কৰে। খবৰ পাই বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নাহৰফুটুকীটো ধৰিবলৈ অভিযান আৰম্ভ কৰে।

অভিযোগ অনুসৰি, এই উদ্ধাৰ অভিযানৰ বাবে বন বিভাগে কোনো পৰ্যাপ্ত সা-সঁজুলি লৈ অহা নাছিল। বনকৰ্মীসকলে নাহৰফুটুকীটো ধৰিবলৈ মাত্ৰ এখন জাল লৈ আহিছিল বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজৰ সহযোগত বনকৰ্মীসকলে নাহৰফুটুকীটো জালত পেলাবলৈ চেষ্টা চলোৱাৰ সময়তে বন্যপ্ৰাণীটোৱে জালখন ফালি ওলাই আহে। ইয়াৰ পিছতে নাহৰফুটুকীটোৱে তাত উপস্থিত থকা লোকসকলক আক্ৰমণ কৰে। ফলত চাৰিজন লোক আহত হয়।

এই আক্ৰমণৰ পিছতে ক্ষুব্ধ হৈ পৰা স্থানীয় লোকসকলে নাহৰফুটুকীটোক পিটি হত্যা কৰে। আনহাতে, আহত চাৰিওজন লোককে ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

পৰ্যাপ্ত সা-সঁজুলি আৰু সুৰক্ষা ব্যৱস্থা নোহোৱাকৈ বন বিভাগে এনে বিপজ্জনক অভিযান চলোৱাক লৈ এতিয়া স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।