কাছাৰৰ জয়পুৰত নদীৰ পাৰৰ পৰা উদ্ধাৰ হৈছে এটি এমহীয়া কন্যা শিশুৰ কংকাল।
কাছাৰ, ৪ নৱেম্বৰ: কাছাৰ জিলাৰ জয়পুৰত এগৰাকী এমহীয়া কন্যা শিশুৰ কংকাল উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আৰক্ষীৰ সূত্ৰে প্ৰকাশ পোৱা অনুসৰি, অনামিকা সিং ছেত্ৰী নামৰ মহিলাগৰাকী প্ৰায় এসপ্তাহ পূৰ্বে এমহীয়া কন্যা সন্তানটিক লৈ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল।
বোৱাৰী আৰু নাতিনীহঁতৰ কোনো সন্ধান নাপাই দেবাশীষৰ পিতৃয়ে পুত্ৰক অৱগত কৰাৰ লগতে জয়পুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
ইয়াৰ মাজতে স্বামী দেবাশীষে হোৱাটছএপৰ জৰিয়তে পত্নীৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয়।
newznow.in