কাছাৰ, ৪ নৱেম্বৰ: কাছাৰ জিলাৰ জয়পুৰত এগৰাকী এমহীয়া কন্যা শিশুৰ কংকাল উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱাৰ প্ৰায় এসপ্তাহৰ পাছত শিশুটিৰ ঘৰৰ সমীপৰে নদীৰ পাৰৰ পৰা কংকালটো উদ্ধাৰ কৰা হয়। এই ঘটনাত মাতৃ জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে।
আৰক্ষীৰ সূত্ৰে প্ৰকাশ পোৱা অনুসৰি, অনামিকা সিং ছেত্ৰী নামৰ মহিলাগৰাকী প্ৰায় এসপ্তাহ পূৰ্বে এমহীয়া কন্যা সন্তানটিক লৈ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল। তেওঁৰ লগত তিনি বছৰীয়া আন এগৰাকী কন্যা সন্তানো আছিল। মহিলাগৰাকীৰ স্বামী দেবাশীষ সিং ছেত্ৰী অসমৰ বাহিৰত কৰ্মৰত হৈ আছিল।
বোৱাৰী আৰু নাতিনীহঁতৰ কোনো সন্ধান নাপাই দেবাশীষৰ পিতৃয়ে পুত্ৰক অৱগত কৰাৰ লগতে জয়পুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই অনামিকাৰ ম'বাইল ফোনৰ অৱস্থান অনুসৰণ কৰে। ম'বাইলৰ অৱস্থানৰ তথ্য অনুসৰি মহিলাগৰাকীয়ে ৰে'লেৰে অসমৰ বাহিৰলৈ যোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে।
ইয়াৰ মাজতে স্বামী দেবাশীষে হোৱাটছএপৰ জৰিয়তে পত্নীৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জনোৱা মতে, সেই বাৰ্তালাপত অনামিকাই এমহীয়া কন্যা সন্তানটিক হত্যা কৰি ঘৰৰ ওচৰৰে নদীৰ পাৰত পেলাই থৈ যোৱাৰ কথা স্বামীক জনায়।
এই কথা পোহৰলৈ অহাৰ পিছতে পৰিয়ালৰ লোকে নদীৰ পাৰৰ অঞ্চলটোত বিচাৰ-খোঁচাৰ চলাই শিশুটিৰ কংকালটো প্ৰত্যক্ষ কৰে। পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অৱশেষখিনি উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।
প্ৰাথমিক তদন্তত বন্যপ্ৰাণীয়ে মৃতদেহৰ কিছু অংশ ভক্ষণ কৰাৰ ফলত কেৱল কংকালটো বাকী ৰোৱা বুলি সন্দেহ কৰা হৈছে। শিশুটিৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে অভিযুক্ত মাতৃ অনামিকা সিং ছেত্ৰীৰ সন্ধানত অভিযান চলাই আছে।