গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণ আৰু পথ সুৰক্ষাৰ স্বাৰ্থত ই-ৰিক্সা চালকসকলক প্ৰশাসনৰ নীতি-নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহ্বান ।
গুৱাহাটী, ২৩ নৱেম্বৰ: মহানগৰীৰ ৰাজপথত ই-ৰিক্সা চলাচলৰ ক্ষেত্ৰত প্ৰশাসনৰ নিৰ্দেশনা মানি চলাটো চালকসকলৰ বাবে বাধ্যতামূলক কৰা হৈছে।
ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ), ২০২৩ৰ ১৬৩ ধাৰাৰ অধীনত জৰুৰী পৰিস্থিতিত জিলা দণ্ডাধীশ, মহকুমা দণ্ডাধীশ বা ক্ষমতাপ্ৰাপ্ত কাৰ্যবাহী দণ্ডাধীশে জনসাধাৰণৰ সুৰক্ষা আৰু আইন-শৃংখলা বজাই…
প্ৰশাসনৰ এনে বৈধ আদেশ জানি-বুজিও অমান্য কৰিলে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ), ২০২৩ৰ ২২৩ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব।
কামৰূপ মহানগৰ আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষই (আৰটিএ) ২০২৪ চনৰ নৱেম্বৰত গুৱাহাটীত ই-ৰিক্সা চলাচলৰ বাবে ৩১টা নিৰ্দিষ্ট পথ নিৰ্ধাৰণ কৰি দিছিল।
newznow.in